Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৮ খন ৰাজ্য, ১খন কেন্দ্ৰীয়শাসিত প্ৰদেশত নিষিদ্ধ ফটকা বিক্ৰীঃ ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণ নিৰ্দেশৰ পিছতো নিষিদ্ধ নহ’ল অসমৰ ফটকা বিক্ৰীৰ

নতুন দিল্লী, ৯ নৱেম্বৰ :  সমাগত দীপাৱলী। দীপাৱলীৰ সময়ছোৱাত দেশৰ কেইবাখনো ৰাজ্যত ফটকা বিক্ৰী অথবা ফুটোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।...

নতুন দিল্লী, ৯ নৱেম্বৰ :  সমাগত দীপাৱলী। দীপাৱলীৰ সময়ছোৱাত দেশৰ কেইবাখনো ৰাজ্যত ফটকা বিক্ৰী অথবা ফুটোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কোৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যই এই বৰ্ষত ফটকা বিক্ৰী অথবা ফুটোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে। যোৱা ৪ নৱেম্বৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ জাননী জাৰি কৰি ফটকা বিক্ৰী কাৰ্য নিষিদ্ধ কৰাৰ পদক্ষেপ ল’বলৈ জনোৱা হৈছিল। এই ৰাজ্যকেইখনৰ ভিতৰত অসম, নাগালেণ্ড আৰু মেঘালয়ো আছিল। সেউজ ন্যায়াধিকৰণৰ এনে জাননীৰ পিছতো অসমত আজিলৈ ফটকা বিক্ৰী অথবা ফুটোৱা কাৰ্য নিষিদ্ধ ঘোষণা কৰা হোৱা নাই। পূৰ্বৰ দৰেই এইবাৰো অসমত ফটকাৰ বিক্ৰী চলিব অথবা চলিছে।

 কিন্তু অসমক বাদ দি আন বহুকেইখন ৰাজ্যই কোৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ফটকা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে। এতিয়ালৈ ৮খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত প্ৰদেশে ফটকা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে। দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, উৰিষ্যা, ৰাজস্থান, ছিকিম, হাৰিয়াণা আৰু কৰ্নাটকৰ লগতে কেন্দ্ৰীয়শাসিত প্ৰদেশ চণ্ডীগড়েও ফটকা বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছে দীপাৱলীৰ সময়ছোৱাত। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যোৱা ৫ নৱেম্বৰত ঘোষণা কৰিছিল যে তেওঁলোকৰ চৰকাৰে এইবাৰৰ দীপাৱলীৰ সময়ছোৱাত ফটকাৰ বিক্ৰী ৰাজধানী দিল্লীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। 

সেই অনুসৰি এইবাৰ ৰাজধানী দিল্লীত দীপাৱলীৰ সময়ছোৱাত বিক্ৰী নহ’ব ফটকা। লগতে ফুটাব নোৱাৰিব দিল্লীবাসীয়ে ফটকা। আনহাতে কলকাতা উচ্চ ন্যায়ালয়ে ৫ নৱেম্বৰত এক নিৰ্দেশনাৰ জৰিয়তে পশ্চিমবংগত ফটকা বিক্ৰী নিষিদ্ধৰ ঘোষণা কৰিছিল। একেদৰে উৰিষ্যা চৰকাৰে ৩ নৱেম্বৰত ৰাজ্যখনত ফটকা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধৰ ঘোষণা কৰিছিল। আনহাতে যোৱা ২ নৱেম্বৰত ৰাজস্থান চৰকাৰে ৰাজ্যত ফটকা বিক্ৰী আৰু ফুটোৱা কাৰ্য নিষিদ্ধ ঘোষণা কৰিছে। একেদৰেই ছিকিম চৰকাৰেও ফটকা বিক্ৰী নিষিদ্ধৰ ঘোষণা কৰিছে। 

হাৰিয়াণা চৰকাৰে যোৱা ৬ নৱেম্বৰত ঘোষণা কৰে যে তেওঁলোকৰ চৰকাৰে এইবাৰৰ দীপাৱলীৰ সময়ছোৱাত ফটকা বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি দীপাৱলীৰ সময়ছোৱাত হাৰিয়াণাত বিক্ৰী কৰিব নোৱাৰিব ফটকা। ৰাজ্যত ফটকা বিক্ৰী নিষিদ্ধ নোহোৱাৰ বাবে এতিয়া ৰাজ্যৰ বজাৰসমূহত ফটকা উভৈনদী হৈ পৰিছে। বিভিন্নজনে অভিযোগ কৰিছে যে ব্যৱসায়ী গোষ্ঠীৰ স্বাৰ্থতেই ৰাজ্য চৰকাৰে ফটকা বিক্ৰী নিষিদ্ধৰ ঘোষণা কৰা নাই।

No comments