Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১৫০ বছৰ গৰকা শ্ৰীশ্ৰী বলভদ্ৰ থানত আঘোণৰ প্ৰথমটো বুধবাৰত পূজা সমাপন

গণ বাৰ্তা, মৰাণ, ১৮ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰমাই লাচন গাঁৱত অৱস্থিত ১৫০ বছৰ গৰকা এটা ঐতিসাহিক থান হৈছে শ্ৰীশ্ৰী বলভদ্ৰ থান । ...


গণ বাৰ্তা, মৰাণ, ১৮ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰমাই লাচন গাঁৱত অৱস্থিত ১৫০ বছৰ গৰকা এটা ঐতিসাহিক থান হৈছে শ্ৰীশ্ৰী বলভদ্ৰ থান । প্ৰতি বছৰে ২ আঘোণ, শুক্লা চতুৰ্থীৰ দিনা গাঁৱৰ ৰাইজৰ লগতে দূৰ দূৰণিৰ পৰা অহা ভক্তই পূজা কৰে । উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র শ্ৰীশ্ৰী বলভদ্র থানত আজি পুৱাৰে পৰা অগনন ভক্তই ভিৰ কৰি পূজা সেৱা কৰাৰ পৰিলক্ষিত হয়। উল্লেখ্য যে আঘোণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই থানত এই পূজা প্ৰতিবছৰে সমাপন কৰি আহিছে । বলভদ্ৰ পূজাৰ দিনা অসম, অৰুণাচল আদি বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে বলভদ্র থানত সেৱা আগবঢ়োৱা পৰিলক্ষিত হয়। জনবিশ্বাস অনুসৰি শ্ৰীশ্ৰী বলভদ্ৰ থানত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি প্ৰচলিত হৈ আহিছে । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ )

No comments