Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট জিলা প্ৰশাসনৰ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উদযাপন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, নবেম্বৰ ৫ :  যোৰহাট জিলা প্ৰশাসনে আজি জিলা উপায়ুক্তৰ সভাকক্ষত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, নবেম্বৰ ৫ :  যোৰহাট জিলা প্ৰশাসনে আজি জিলা উপায়ুক্তৰ সভাকক্ষত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে শিল্পী গৰাকীক স্মৰণ কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে৷ জিলা উপায়ুক্ত ৰশ্নি অপৰাঞ্জি  কৰাটীয়ে সংগীত সূৰ্য গৰাকীৰ ফ'টোত ফুলৰ মালা অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজলন কৰি শ্ৰদ্ধাঞ্জলি জনায়৷ মানুহৰ মাজত থাকি মানুহৰ বাবে সদায়  কাম কৰি যোৱা সংগীত সাধক গৰাকীয়ে অসমখনক একতাৰ দোলেৰে বান্ধি ৰখাৰ যি প্ৰয়াস কৰিছিল সেয়া সকলোৱে মনত ৰাখিব লাগে বুলি উপায়ুক্ত গৰাকীয়ে ভাষণত উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ আটাইকেইজন অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্তসকল, অন্যান্য বিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে উপস্হিত থাকি সুধাকন্ঠ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷ 

No comments