Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জিএমচিএইচৰ পৰা অসমবাসীক সম্বোধন তৰুণ গগৈঃ ৰাইজৰ মৰমেই আমাৰ ৰাজনৈতকি জীৱনৰ মূল আধাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ নৱেম্বৰ ঃ অসমৰ সৰ্বস্তৰৰ ৰাইজ বিশেষকৈ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী, কৃষক, ৰোৱনী-দাৱনী, ক্ষুদ্ৰ ব্যৱসায়ী, চাহ শ্ৰমিক...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ নৱেম্বৰ ঃ অসমৰ সৰ্বস্তৰৰ ৰাইজ বিশেষকৈ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী, কৃষক, ৰোৱনী-দাৱনী, ক্ষুদ্ৰ ব্যৱসায়ী, চাহ শ্ৰমিকসকলে আমাক যি মৰম আৰু আশীৰ্বাদ দিছে, সেয়াই আমাৰ ৰাজনৈতিক জীৱনৰ মূল আধাৰ। ৰাইজৰ যি অফুৰন্ত মৰম, আশীৰ্বাদৰ লগতে সঁহাৰি পাই আহিছো সেয়াই আমাৰ ৰাজহুৱা জীৱনৰ মূল মন্ত্ৰ। এই মূল মন্ত্ৰটোকে লৈ আমি আৰু আমাৰ দলে ভৱিষ্যতে কাম কৰি গৈ থাকিম— এই মন্তব্য ৰাজ্যৰ বৰ্ষীয়ান ৰাজনৈতিক তথা তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব চম্ভালা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। পহিলা নৱেম্বৰৰ নিশা শ্বাস-প্ৰশ্বাসজনিত জটিলতাত ভুগি অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক তৰুণ গগৈয়ে বুধবাৰে অসমবাসীক সম্বোধন কৰে। 

পূৰ্বৰ তুলনাত সম্প্ৰতি তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা উন্নত যদিও বাৰ্ধক্যজনিত কাৰণত চিকিৎসালয়ৰ পৰা মুকলি হ’ব পৰাকৈ এতিয়াও সুস্থ হোৱা নাই। মূলতঃ বাৰ্ধক্যজনিত দুৰ্বলতা আৰু আনুষংগিক কাৰণতে প্ৰাক্তন মুখ্যমন্ত্ৰীক কিছুদিন চিকিৎসালয়তে ৰাখি চিকিৎসাৰ পৰামৰ্শ  দিছে চিকিৎসকসকলে। শৰীৰ অসুস্থ তথা দুৰ্বল হ’লেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী এতিয়াও যেন চিৰতৰুণ। প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী তৰুণ গগৈয়ে চিকিৎসালয়ৰ বিছনাত যেন আবদ্ধ হৈ থাকিব পৰা নাই। স্বভাৱসুলভভাৱেই তেওঁ ৰাইজৰ মাজলৈ যাব বিচাৰিছে। কিন্তু মনে বিচাৰিলেও দেহে নাটানে। সেয়ে বুধবাৰে চিকিৎসালয়ৰ বিছনাৰ পৰাই বৰ্ষীয়ান ৰাজনীতিক তৰুণ গগৈয়ে সম্বোধন কৰিলে অসমবাসীক। 

তেওঁ  ভগা ভগা মাতেৰে অসমবাসীৰ মৰম আৰু আশীৰ্বাদ লৈ পুনৰ ৰাইজৰ সেৱা কৰিবলৈ যাব বিচৰা বুলি উল্লেখ কৰি কয়— ‘আজি মই প্ৰথমবাৰৰ কাৰণে চিকিৎসালয়ৰ পৰাই সম্বোধন কৰিছো। ইয়াৰ পৰাই মই বিচাৰিছো যে এতিয়াৰ পৰা আজিৰ সমাজখন আৰু কামবোৰ যেন আগুৱাই যায়। সমাজখনৰ লগতে অসমখন আগুৱাই যাওক। ৰাইজৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ মোৰ ওপৰত নোহোৱাহেঁতেন মই ৰাজহুৱা জীৱনত কামবোৰ কৰিবলৈ কেতিয়াও সম্ভৱ নহ’লহেঁতেন। মই আশা কৰিছো, অসমবাসী ৰাইজে মোক সদায় মৰম কৰিব।

 তিতাবৰবাসীয়ে মৰম কৰি আছেই। যোৰহাটবাসী আছেই। মই স্বীকাৰ কৰো— অসমবাসী ৰাইজে যি মৰম, বিশেষকৈ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী, কৃষক, ৰোৱনী-দাৱনী, বোৱনী, ব্যৱসায়ী, শ্ৰমিক, চাহ শ্ৰমিক সকলোৱে আমাক যি মৰম দিছে, সেয়াই আমাৰ ৰাজনীতিক জীৱনৰ মূল আধাৰ। ৰাইজৰ মৰমেই আমাৰ মূল মন্ত্ৰ। ৰাইজৰ এই মৰম আৰু আশীৰ্বাদৰ মূল যন্ত্ৰটোকে লৈ মই ভৱিষ্যতেও কাম কৰি গৈ থাকিম।’ সুদীৰ্ঘ ৰাজনৈতিক জীৱনত কোনো দিন, কোনো এটা ৰাজহুৱা অনুষ্ঠানত মাত কঁপি নুঠা তৰুণ গগৈৰ কণ্ঠস্বৰ কঁপি উঠাত যেন অসমবাসীৰ মনটোও কঁপি উঠিছে। কাৰণ তৰুণ গগৈ মানেই সেই চিৰ পৰিচিত হাঁহি-কৌতুক ভৰা উদাত্ত ভাষণ।

No comments