ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২২ নৱেম্বৰ ঃ চৰম সুবিধাবাদৰ স্থিতিৰে বিপিএফ দলৰ আঞ্চলিকতাবাদৰ প্ৰচাৰ দলিয়াই দি আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২২ নৱেম্বৰ ঃ চৰম সুবিধাবাদৰ স্থিতিৰে বিপিএফ দলৰ আঞ্চলিকতাবাদৰ প্ৰচাৰ দলিয়াই দি আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে বিপিএফ দলৰ দুই নেতা তথা প্ৰাক্তন কাৰ্যকৰী সভাপতি, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু সাধাৰণ সম্পাদক তথা তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে। আজি পুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত এক অনুষ্ঠানত দুয়োগৰাকী নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত বিপিএফ দলৰ দুই প্ৰতিষ্ঠাপক নেতাক দলীয় গামোচা পিন্ধাই বিজেপিলৈ আদৰি আনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
দুয়োগৰাকী নেতাক বিজেপি দললৈ আদৰণি জনাই মুখ্যমন্ত্ৰী সোণোৱালে চমু ভাষণত কয় যে আজি বিজেপিৰ অসম প্ৰদেশৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। কাৰণ আগন্তুক বিটিচি নিৰ্বাচনত এই মুহূৰ্তত বিপিএফ দলৰ দুগৰাকী জ্যেষ্ঠ নেতাই বিজেপিৰ প্ৰতি গভীৰ আস্থা আৰু বিশ্বাসেৰে যোগদান কৰিছে। এতিয়া বিজেপিৰ যোগেদি দেশ সেৱাৰ কাৰ্যত দুয়োগৰাকী নেতাই আত্মনিয়োগ কৰাৰ বাবে সংকল্পবদ্ধ হৈছে। বিটিচি নিৰ্বাচনৰ সময়তে এয়া বিজেপি দলৰ বাবে এক শুভবাৰ্তা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপিয়ে আগন্তুক দিনত বিটিএডিত যে চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত।
এই যোগদানে সেই কথা অধিক ৰূপত স্পষ্ট কৰি তুলিলে। এই দুই নেতাৰ যোগদানে আমাৰ কৰ্মশক্তি আৰু বৃদ্ধি কৰিব। বিটিচি অঞ্চলতে নহয়, সমগ্ৰ অসমতে নেতাদ্বয়ে উল্লেখযোগ্য ভূমিকা লৈ দলৰ হৈ কাম কৰিব পাৰিব। আগন্তুক দিনত মিলিত প্ৰচিষ্টাৰে বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বাবে কাম কৰি যাম। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সাৰ্বজনীন গণতান্ত্ৰিক নীতি তাৰ আধাৰত সকলোৱে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যাব লাগিব। এনেদৰেই কাম কৰি অহাৰ বাবেই যোৱা চাৰে চাৰি বছৰত বিজেপি দল আৰু চৰকাৰে উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।
No comments