Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপি-বিপিএফ-ইউপিপিএলৰ কাজিয়া গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া : তামুলপুৰত সাংসদ নৱ শৰণীয়া

  আৰিফ আহমেদ, তামুলপুৰ, ১৯ নৱেম্বৰ ঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিটিচিত আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা। আজি তামুলপুৰ ...

 

আৰিফ আহমেদ, তামুলপুৰ, ১৯ নৱেম্বৰ ঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিটিচিত আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা। আজি তামুলপুৰ জিলা গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী দিলীপ শৰণীয়া, ২৬ নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বনমালী ৰাভা আৰু ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ ডেনিয়েল মাৰ্ডীৰ সমৰ্থনত তেঁতেলীগুৰীৰ পৰা এটি বিশাল বাইক ৰেলী উলিওৱা হয়। বাইক ৰেলীটোৰ শুভাৰম্ভ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই। সাংসদগৰাকীয়ে বাইক ৰেলীটো উদ্বোধন কৰি কয় যে এইবাৰ বিটিচি নিৰ্বাচনত ত্ৰিশখন আসন লাভ কৰি বিটিচি পৰিষদ দখল কৰিব জি এছ পি আৰু অবড়ো সুৰক্ষা সমিতিয়ে।

ইপিনে সংবাদ মাধ্যমৰ আগত সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে বিজেপি, বিপিএফ আৰু ইউপিপিএলৰ কাজিয়াখন গিৰিয়েক-ঘৈণীয়েকৰ কাজিয়া। এই কাজিয়া কেতিয়াও তালাকলৈ গুচি নাযায়। প্ৰসংগক্ৰমে বিজেপি চৰকাৰে বিপিএফ দলৰ নেতা হাগ্ৰামা মহিলাৰীক আগতেই কিয় নিয়ন্ত্ৰণ নকৰিলে বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। ভাষাৰ ক্ষেত্ৰত মন্তব্য কৰি তেওঁ স্পষ্টভাৱে কয়- আমাৰ মানুহৰ এটাই কথা, জীৱন দিম কিন্তু বড়ো ভাষাত অধ্যয়ন নকৰো। উল্লেখযোগ্য যে এই বাইক ৰেলীটোৱে ২৮ নম্বৰ গয়বাৰী, ২৬ নম্বৰ দৰঙাজুলি আৰু ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টি পৰিভ্ৰমণ কৰে। গণ সুৰক্ষা পাৰ্টীৰ সম্পাদক ভাস্কৰ কলিতা, জিএছপিৰ নেতা মুকুট মহন্ত, ডিম্বেশ্বৰ ৰাভাকে ধৰি কেইবাজনো নেতা-কৰ্মীৰ উপস্থিতিত বাইক ৰেলীত অংশগ্ৰহণকাৰীসকলে জি এছ পি জিন্দাবাদ, অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ, নৱ কুমাৰ শৰণীয়া জিন্দাবাদ, দিলীপ শৰণীয়া লং লিভ, বনমালী ৰাভা লং লিভ, ডেনিয়েল মাৰ্ডী লং লিভ আদি শ্লে­াগানেৰে তামুলপুৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

No comments