Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কোৱা শ্বেৰমান যাব লাগিব জে’লত, পুনৰ বিজেপি চৰকাৰ Žমতাত আহিলেই জেলেই হ’ব শ্বেৰমানৰ ঠিকনাঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ ঃ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবীক লৈ ৰাজ্যৰ ৰাজনীতিত চলি আছে চেপা উত্তেজনা। বিধায়ক শ্বেৰমান আলীয়ে ম...

 


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ ঃ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ দাবীক লৈ ৰাজ্যৰ ৰাজনীতিত চলি আছে চেপা উত্তেজনা। বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰি পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এতিয়া ৰাজ্যৰ ৰাজনীতিত চলি আছে হিন্দু হিন্দু, মুছলমান মুছলমান ৰাজনীতি। লক্ষণীয় যে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰাৰ পিছত কালি বঙালী কৃষ্টি-সংস্কৃতিৰ সংগ্ৰহালয় বিচাৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই পত্ৰ প্ৰেৰণ কৰিছিল। ইপিনে আজি মিঞা মিউজিয়ামৰ প্ৰসংগক পুনৰ তুলি ধৰি ৰাজ্যৰ স্বাস্থ্য, বিত্ত, লোকনিৰ্মাণ, শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমান আলীক লক্ষ্য কৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। 

আজি সংবাদমেলত মিঞা মিউজিয়ামৰ কথা উল্লেখ কৰি এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কয় যে ‘কা’ আন্দোলনৰ সময়ৰ পৰা এই বিশেষ সম্প্ৰদায়টোৱে কলাক্ষেত্ৰক লক্ষ্য কৰি লৈছে। কলাক্ষেত্ৰ লণ্ডভণ্ড কৰি দখল কৰিব নোৱাৰাত এইবাৰ মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰিছে। কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ কথা কৈ বিধায়ক শ্বেৰমান আলীয়ে তাত ৰাখিব বিচাৰিছে নীলা লুঙী। কলাক্ষেত্ৰত লুঙী থ’ব বিচৰা শ্বেৰমান আলীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব। বিধানসভা নিৰ্বাচন আগত থকা বাবে এতিয়া এই প্ৰসংগক লৈ চৰকাৰে কাৰ্যপন্থা হাতত ল’ব বিচৰা নাই। কিন্তু বিধানসভা নিৰ্বাচনৰ পিছত বিজেপি ক্ষমতালৈ অহাৰ পিছতেই শ্বেৰমান আলীক জে’ললৈ প্ৰেৰণ কৰা হ’ব। আজি সংবাদমেলত ক্ষোভ উজাৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্ৰতি ৰাজ্য চৰকাৰে বিধায়ক শ্বেৰমান আলীৰ ওপৰত ব্যৱস্থা ল’লে ৰাজনীতিকৰণ হ’ব আৰু তেওঁৰ ভোট কেইটামান বৃদ্ধি পাব। 

নিৰ্বাচন যোৱাৰ পিছতে নতুন চৰকাৰ অহাৰ লগে লগে লুঙীৰ ৰং কিমান নীলা সেয়া শ্বেৰমান আলীক দেখুৱাই দিব। কোনোদিনে জে’লৰ পৰা ওলাব নোৱাৰা ধৰণে বিধায়ক শ্বেৰমান আলীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। যদিহে তেওঁ মিঞা মিউজিয়াম প্ৰসংগ তথা কলাক্ষেত্ৰত লুãী থোৱা সন্দৰ্ভত ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা নকৰে। সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰাত আটাইতকৈ বেছি দুখিত হৈছে ৰাজ্যৰ অসমীয়া মুছলমানসকল। আজান পীৰৰ সভ্যতাৰে এই মিঞাৰ সম্পৰ্ক নাই। অসমীয়া মুছলমানে মিঞা মিউজিয়ামৰ কথা নকয় বুলি উল্লেখ কৰি তেওঁ কয় যে এনআৰচিত নাম সোমাব নে নাই দিনে-নিশাই যিসকলে শংকাত ভুগিছে সেইসকল মিঞাই এইবোৰ কাম কৰিছে।’

 আনহাতে সংবাদমেলত মিঞা মিউজিয়ামৰ উপৰি মিঞা পাব্লিক ¦³¨লক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে স্বাস্থ্য, বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে মিঞা মিউজিয়ামৰ পিছত মিঞা পাব্লিক স্কুলক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যত অব্যাহত আছে চেপা উত্তেজনা। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত মিঞা পাব্লিক স্কুল স্থাপনৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যতে বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা এনেবোৰ অপসংস্কৃতিৰ সন্দৰ্ভত এইবাৰ প্ৰথমবাৰলৈ মুখ খুলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে ‘বন্ধ কৰিব লাগিব মিঞা পাব্লিক স্কুল। মাতৃভাষাটোৰ প্ৰতি আহিবলৈ ধৰা ভাবুকি কেতিয়াও সহ্য কৰা নহ’ব। এইবোৰ কোনো কাৰণতে কৰিবলৈ দিয়া নহ’ব। আনকি সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে মিঞামুক্ত কৰা হ’ব বটদ্ৰৱা।’ 

No comments