Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিএডিত অন্য জনজাতিক প্ৰমাণ পত্ৰ দিয়াত এতিয়াও চলি আছে বাধাঃ সংবাদমেলত সাংসদ নৱ শৰণীয়াৰ বিস্ফোৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ নৱেম্বৰ ঃ সাংসদ নৱ কুমাৰ শৰণীয়া পুনৰবাৰ নিৰ্বাচিত হোৱাৰ পিছত জনকলাল বসুমতাৰীয়ে নৱ শৰণীয়া জনজাতীয় লোক নহয় বুলি ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ নৱেম্বৰ ঃ সাংসদ নৱ কুমাৰ শৰণীয়া পুনৰবাৰ নিৰ্বাচিত হোৱাৰ পিছত জনকলাল বসুমতাৰীয়ে নৱ শৰণীয়া জনজাতীয় লোক নহয় বুলি অভিযোগ উত্থাপন কৰাৰ লগতে নৱ কুমাৰ শৰণীয়াৰ এছটি প্ৰমাণ-পত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত অভিযোগ দাখিল কৰাৰ  লগতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আজি জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ শুনানিত জনকলাল বসুমতাৰীৰ পৰা অভিযোগ খণ্ডন কৰা হয়। সংবাদমেলত এই কথা জানিবলৈ দি সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে তেওঁৰ জনজাতিৰ প্ৰমাণ-পত্ৰক লৈ একাংশই উত্থাপন কৰা অভিযোগ ইতিমধ্যে ন্যায়ালয়ত খণ্ডন হোৱাৰ লগতে আজি জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে খাৰিজ কৰিছে।

 বিটিএডিত বড়ো জনগোষ্ঠীৰ বাহিৰে আন জনজাতিসকলে এতিয়াও প্ৰাপ্য মৰ্যাদাৰ পৰা বাদ পৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে দাস, বৰা, শইকীয়া, বৰ্মন উপাধিৰ জনজাতি লোকক কছাৰী জনজাতিৰ লোক হিচাপে চিহ্নিত কৰি ৰাজ্য চৰকাৰে প্ৰমাণ-পত্ৰ দিবলৈ নিৰ্দেশ দিছে যদিও ওদালগুৰিৰ বিভাগীয় কতৃÇপক্ষক জনকলাল বসুমতাৰী এণ্ড কোম্পানীয়ে এনে  প্ৰমাণ-পত্ৰ দিয়াত বাধা দি আহিছে। বিটিএডি অঞ্চলত থকা অন্যান্য জনজাতিৰ এই সমস্যাৰ কথা শীঘ্ৰেই সমাধানৰ পথত বুলি উল্লেখ কৰি জনকলাল বসুমতাৰীয়ে অভিযোগ কৰাৰ পিছত চিআইডিৰ তদন্ততো প্ৰমাণিত হৈছে যে নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ-পত্ৰ ভুৱা নহয়। 

৫৯ বছৰ ধৰি বিটিএডি অঞ্চলত অন্যান্য জনজাতিয়ে প্ৰমাণ-পত্ৰৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে বিচাৰিলে শীঘ্ৰেই এই সমস্যা সমাধান হ’ব বুলি তেওঁ উল্লেখ কৰে। আনহাতে দুবাৰকৈ সাংসদ হোৱাৰ পিছত তেওঁক ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা হৈছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে তেওঁৰ ওপৰত যিমানেই আক্ৰমণ নহওক কিয়, অবড়ো তথা অন্যান্য জনগোষ্ঠীৰ অধিকাৰৰ বাবে তেওঁ সংগ্ৰাম অব্যাহত ৰাখিব। আনহাতে বিটিএডিত এতিয়া বোকা ছটিওৱাৰ ৰাজনীতি চলি আছে বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক চোৰ বুলি কোৱাৰ বিপৰীতে মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক ডকাইত বুলি উল্লেখ কৰা প্ৰসংগত তেওঁ কয় যে ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰিছে যে ১,০০০ কোটিৰ ৪০০ কোটি টকা ৰাজ্য চৰকাৰে শৰাধ কৰিছে।

 ইয়াৰ ফলত স্পষ্টৰূপে ধৰা পৰে যে কোনোজনেই কম নহয়। বিটিএডিত সম্প্ৰতি বিজেপিয়ে ভূমিৰ সমস্যা সমাধান কৰিম বুলি নিৰ্বাচনী প্ৰচাৰ চলাই আছে যদিও ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ’লে পূৰ্বতেই ভূমিৰ সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। অবড়োক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত শাসনত থকা বিজেপি চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি বৰঞ্চ বিটিআৰ চুক্তি স্বাক্ষৰ কৰি ভূমিৰ ওপৰত কেৱল বড়ো  জনগোষ্ঠীক কতৃÇত্ব দিয়াৰ বাবে বাট মুকলি কৰি দিছে। তেনেস্থলত ভূমিৰ অধিকাৰ দিয়াক লৈ চলোৱা শেহতীয়া প্ৰচাৰ কাৰ্য নিৰ্বাচনী টোপৰ বাহিৰে একো নহয়। 

বিজেপি-বিপিএফ-ইউপিপিএলে সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ নামত লাখ লাখ টকা খৰচ কৰিছে বুলি অভিযোগ উত্থাপন কৰি সাংসদ নৱ শৰণীয়াই কয় যে নিৰ্বাচন আয়োগে প্ৰচাৰ কাৰ্যৰ ক্ষেত্ৰত খৰচৰ ধনৰাশি ধাৰ্য কৰি দিছে যদিও পীষূষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা, হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে এখন নিৰ্বাচনী সভাত ১০-৬০ লাখ টকালৈ খৰচ কৰিছে। বিটিএডিৰ নিৰ্বাচনত ক্ষমতা দখল কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰি সাংসদগৰাকীয়ে কয় যে গণ সুৰক্ষা পাৰ্টীৰ সাংগঠনিক ভেটি মজবুত আৰু সদস্যসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে।

No comments