Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ চতুৰ্থ দিন তথা অন্তিম দিন, এজনো বিদেশীৰ ভাৰ বহন নকৰে অসমে ঃলুৰিণজ্যোতি

  গণ বাৰ্তা, দুলীয়াজান, ২১ নম্বেৱৰ ঃ আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ অন্তিম দিনটোলৈকে নতুন সমিতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল। উল্লেখ্য যে আজি...


 গণ বাৰ্তা, দুলীয়াজান, ২১ নম্বেৱৰ ঃ আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ অন্তিম দিনটোলৈকে নতুন সমিতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল। উল্লেখ্য যে আজি অনুষ্ঠিত মুকলি সভাৰ আগমুহূৰ্তলৈকে অনুষ্ঠিত প্ৰতিনিধি সভাত অমীমাংসিত অৱস্থাত থকা সমিতি গঠনৰ প্ৰক্ৰিয়া নিশালৈ আৰম্ভ হ’ব লগা বিষয় বাছনি সভাত সম্পন্ন হোৱাৰ কথা। জনা মতে সভাপতি আৰু সাধাৰণ সম্পাদকৰ দৌৰত আগবাঢ়ি আছে প্ৰজ্ঞান ভূঞা আৰু শংকৰজ্যোতি বৰুৱা। তেওঁলোকৰ পাছতে সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম উচ্চাৰিত হৈছে ক্ৰমে উৎপল শৰ্মা আৰু উদ্দীপ্তজ্যোতি গগৈৰ নাম। শেহতীয়া আৱহাৱা অনুসৰি আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আছু ত্যাগ কৰাৰ সম্ভাৱনা ক্ষীণ। প্ৰতিনিধি সভাত চলিত পাঁচ বছৰৰ কৰ্মখতিয়ানক প্ৰশংসা কৰি পূৰ্বৰ আছুৰ কৰ্মসূচীক কুম্ভমেলাৰে তুলনা কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। 

আছুৰ সভাপতি দীপাংক নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি ডঃ সুৰেন্দ্ৰ নাথ গগৈয়ে আদৰণী ভাষণ প্ৰদান কৰে। এক সাৰগৰ্ভ ভাষণেৰে সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আছুৰ দৃষ্টিভংগী সন্দৰ্ভত বক্তব্য ৰাখে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে উদাত্ত ভাষণত অসমৰ জনগণক দিল্লী কিম্বা অসম চৰকাৰৰ ফেচিষ্ট মনোবৃত্তি, কূটনীতি তথা কুটিল ষড়যন্ত্ৰ মষিমূৰ কৰিবলৈ আহ্বান জনায়। সভাত বিশেষ আমন্ত্ৰিত অতিথি শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন মহন্তই গীতাৰ কেতবোৰ উদ্ধৃতিৰে আধ্যাত্মিক ভাবধাৰা আৰু আদৰ্শেৰে আছুক আগবাঢ়ি যাবলৈ আহ্বান জনায়। আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱাৰ লগতে ডঃ নগেন শইকীয়া আৰু কীৰ্তি ৰাজখোৱাৰ দ্বাৰা ৰচিত দুখন গ্ৰন্থ উন্মোচন কৰে।

 সভাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক দিলীপ ভূঞাই স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ বিপৰীতে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আছুৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ উন্মোচন কৰে। আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়- ‘চৰকাৰে উত্তৰ ভাৰতৰ সংস্কৃতিক অগ্ৰাধিকাৰ দি আৰু জাতপাত, ধৰ্মৰ মেৰুকৰণেৰে অসমৰ চহকী জাতিসত্তাক তচনচ কৰি পেলাইছে।’ 

 ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱাল, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সদৌ মিচিং ছাত্ৰ সন্থা (টি এম পি কে)ৰ সভাপতি ৰাজকুমাৰ মৰাং, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোহাঁই, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি গকুল বৰ্মন, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন চেত্ৰী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি যোছেফ মিঞ্জ, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমছং টেৰঙকে ধৰি আছুৰে সম্পৰ্কিত ৩০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই বক্তব্য প্ৰদান কৰে।

No comments