Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীঃ চিএছপিৰ স্বত্বাধিকাৰীসহ দুজনক গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ নৱেম্বৰ ঃ ৰাজ্যত সংখ্যালঘুৰ ছাত্ৰ-ছাত্ৰীক জলপানি দিয়াৰ নামত একাংশ মধ্যভোগীয়ে ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ পিছত...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ নৱেম্বৰ ঃ ৰাজ্যত সংখ্যালঘুৰ ছাত্ৰ-ছাত্ৰীক জলপানি দিয়াৰ নামত একাংশ মধ্যভোগীয়ে ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ পিছতে চিআইডিয়ে ৰুজু কৰা ২০য২০২০ নম্বৰৰ গোচৰটোৰ অনুসন্ধান চলাই এজনৰ পিছত এজনকৈ মধ্যভোগী দালালক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে দহ কোটিৰো অধিক টকাৰ ছাত্ৰবৃত্তিৰ কেলেংকাৰী। লক্ষণীয় যে অনলাইন মাধ্যমৰ পৰা আবেদন কৰাৰ পিছত পুনৰীক্ষণ তথা হিতাধিকাৰী  নিৰ্বাচনৰ উপৰি বেংক যোগে ধন জমা হোৱাক লৈ ভুৱা হিতাধিকাৰীৰ এখন ক’লা বজাৰ গঢ়ি তুলিছিল সমগ্ৰ প্ৰক্ৰিয়াটোতে জড়িত একাংশ দুৰ্নীতিপৰায়ণ বিষয়া আৰু শিক্ষকে। লক্ষণীয় যে ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ সৈতে সহকাৰী শিক্ষকৰ পৰা আৰম্ভ কৰি হেডমাষ্টৰ আৰু স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ৰ কাৰিকৰী সহায়কলৈকে জড়িত থকাটো পোহৰলৈ আহিছিল।

 বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ যোগেদি এটা দালাল চক্ৰই সংখ্যালঘু ছাত্ৰবৃত্তিৰ দহ কোটিৰো অধিক টকা উদৰস্থ কৰিছিল। যোৱা ১০ নৱেম্বৰত চিআইডিয়ে ধুবুৰী, গোৱালপাৰা, দৰং আৰু কামৰূপ গ্ৰাম্যৰ পৰা ২১জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰ গোচৰত আৰু দুজন দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চিআইডিয়ে ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৪০৬/৪০৯/৪১৯/৪২০/৪৬৮/৪৭১ ধাৰাৰ ২০/২০২০ গোচৰত আজি গামেৰিমূৰত থকা এলাহাবাদ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী চৌধুৰীপামৰ জাকিৰ হুছেইন আৰু বকোৰ আব্দুল বাতেনক গ্ৰেপ্তাৰ কৰে। এতিয়ালৈকে ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ গোচৰত চিআইডিয়ে ২৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।

No comments