ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও কালি নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অকস্মাৎ অ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও কালি নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অকস্মাৎ অসুস্থ হোৱাত নিশা প্ৰায় ১১.০০ বজাত জিএমচিএইচত ভৰ্তি কৰোৱা হয়। বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ভেণ্টিলেচনত ৰখা হৈছে। কাৰ্বন ডাই-অক্সাইড আৰু এম’নিয়াৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে অসুস্থ হৈ পৰা বুলি প্ৰাথমিক পৰ্যবেক্ষণত ধৰা পৰিছে বুলি চিকিৎসকে জানিবলৈ দিছে। উল্লেখ্য যে যোৱা ২৫ অক্টোবৰৰ বিয়লি চিকিৎসালয়ৰ পৰা উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
২৬ আগষ্টৰ পৰা কোৰোনাত আক্ৰান্ত হৈ প্ৰায় দুমাহ ধৰি চিকিৎসালয়ত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। কোৰোনাৰ পৰা মুক্ত হোৱাৰ পিছতো তেওঁৰ দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে আইচিইউত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল। এনে অৱস্থাত কালি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আজি চিকিৎসকৰ এটা দলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আজি বিয়লিলৈ তেওঁৰ অৱস্থা সুস্থিৰ আছে বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই জানিবলৈ দিছে।
No comments