Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত ভূমিপুত্ৰ-বহিৰাগতক লৈ তুংগত ৰাজনীতিঃ অবঙালীৰ প্ৰভুত্ব স্বীকাৰ নকৰে মমতা চৰকাৰে

কলকাতা, ২১ নৱেম্বৰ ঃ পশ্চিমবংগৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে আৰু ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ সকলো ধৰণৰ চে...

কলকাতা, ২১ নৱেম্বৰ ঃ পশ্চিমবংগৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে আৰু ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাবলৈ ধৰিছে। এফালে যদি বিজেপিয়ে পশ্চিমবংগত এনআৰচি আৰু ‘কা’ক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, আনফালে আকৌ শাসনাধিষ্ঠিত দল তৃণমূল কংগ্ৰেছে ভূমিপুত্ৰক লৈ ৰাজনীতি কৰিবলৈ ধৰিছে। তৃণমূল কংগ্ৰেছে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভূমিপুত্ৰ বনাম বহিৰাগত থীম লৈয়ে আগন্তুক নিৰ্বাচনত যুঁজ দিয়াৰ এক যো-জা চলাইছে। সেই অনুসৰি তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিছে যে পশ্চিমবংগত অবঙালীৰ প্ৰভুত্ব তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে। বঙালীৰ আধিপত্য থাকিব লাগিব পশ্চিমবংগত। বহিৰাগত লোকসকলে পশ্চিমবংগত অৰাজকতাৰ সৃষ্টি কৰিছে বুলি অভিযোগ তুলি তৃণমূল কংগ্ৰেছে কৈছে যে ৰবীন্দ্ৰ নাথ ঠাকুৰ কোন বুলি নজনা বহিৰাগত ৰাজ্যৰ লোকসকলে পশ্চিমবংগত অৰাজকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰচাৰ অভিযানৰ সময়ছোৱাত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ প্ৰতিমাৰ ওপৰত আক্ৰমণ কৰা হৈছিল। তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ব্ৰত্যা বসুৱে সংবাদমেলৰ জৰিয়তে কয় যে তেওঁলোকে অবঙালী তথা বহিৰাগত প্ৰভুত্ব কেতিয়াও স্বীকাৰ নকৰে। ইতিহাসে কয় যে পশ্চিমবংগত কেতিয়াও বহিৰাগতই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সুযোগ পোৱা নাই। বহু চেষ্টা কৰিছে যদিও ব্যৰ্থ হৈছে। ইয়াৰ উপৰি তেওঁ কয় যে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ কেবিনেটত এজন বঙালীয়ে স্থান লাভ কৰিছে। অৰুণ মজুমদাৰে বাইডেনৰ কেবিনেটত স্থান লাভ কৰাৰ কথা প্ৰকাশ কৰি কয় যে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়েও বঙালীৰ প্ৰতিভাক স্বীকাৰ কৰে। কিন্তু দিল্লীয়ে কেতিয়াও স্বীকাৰ নকৰে। নৰেন্দ্ৰ মোদীৰ কেবিনেটত এজনো বঙালী মন্ত্ৰী নাই। উল্লেখ্য যে পশ্চিমবংগৰ ২৯৪জন সদস্য বিধানসভা নিৰ্বাচন অহা এপ্ৰিল অথবা মে’ মাহত অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ পূৰ্বেই এতিয়া পশ্চিমবংগৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিজেপিয়ে এখনৰ পিছত আন এখন নিৰ্বাচনী সভাৰ আয়োজন কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছো আগন্তুক নিৰ্বাচনৰ বাবে জঁপিয়াই পৰিছে। 

No comments