গুৱাহাটী, ১৩ নৱেম্বৰঃ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চি আই ডিৰ হাতত ন্যস্ত কৰাৰ পিছতেই আজি চ...
গুৱাহাটী, ১৩ নৱেম্বৰঃ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চি আই ডিৰ হাতত ন্যস্ত কৰাৰ পিছতেই আজি চি আই ডিৰ তদন্তকাৰী দল তিনিচুকীয়ালৈ ৰাওনা হৈছে। চি আই ডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ নেতৃত্বত যোৱা দলটোত উপ আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ দাস আৰু পৰিদৰ্শক জিতেশ বৰ্মন আছে। আনহাতে তদন্তৰ সহায়ক হোৱাকৈ চি আই ডিৰ দলটোৰ সৈতে ফৰেনছিক ছাইন্স লেবৰেটৰীৰ বিশেষজ্ঞও তিনিচুকীয়ালৈ ৰাওনা হৈছে।
জ্যেষ্ঠ বিজ্ঞানী তথা ফিজিক্স ডিভিজনৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ পাৰ্থ প্ৰতিম দেৱশৰ্মা, কনিষ্ঠ বিজ্ঞানী তথা চেৰ’লজী ডিভিজনৰ বিষয়া অৰূপ মান্তা আৰু ফটোগ্ৰাফী ডিভিজনৰ লেবৰেটৰী টেকনিচিয়ান হৰেন দাস তিনিচুকীয়ালৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে কালি মুখ্যমন্ত্ৰীয়ে সাংবাদিকগৰাকীৰ মৃত্যু হোৱা ঘটনাৰ পুংখানুপুংখ তদন্ত কৰাৰ বাবে চি আই ডিৰ তদন্তৰ কথা ঘোষণা কৰিছিল।
No comments