Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুপথাৰৰ ঠিকাদাৰ জীৱন চুতীয়াৰ বিৰুদ্ধে মিছা অভিযোগ : সংবাদমেলত তথ্যসহ অভিযোগ খণ্ডন জীৱন চুতীয়াৰ

\                                                                                                                                           ...

\
                                                                                                                                                                           ফটো :  দেৱাশীষ শৰ্মা  

গণ বাৰ্তা, সৰুপথাৰ, ৪ অক্টোবৰ : ধনশিৰি মহকুমাৰ গঢ়কাপ্টানী বিভাগৰ অধীনৰ এটি পথ মেৰামতি কৰাৰ নামত এগৰাকী ঠিকাদাৰৰ তথা বিজেপি নেতাৰ বিৰুদ্ধে অসত্য ,ভিত্তিহীন অভিযোগ কৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰাক কেন্দ্ৰ কৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | আজি এক সংবাদ মেল অনুষ্ঠিত কৰি জীৱন চুতীয়া নামৰ বিজেপি নেতা তথা ঠিকাদাৰ জীৱন চুতীয়াই তথ্যসহ অভিযোগ খণ্ডন কৰে | চুঙাজানৰ চন্দ্ৰ লহকৰ নামৰ ব্যক্তিজনে সংবাদ মাধ্যমত অভিযোগ কৰিছিল যে বিজেপি নেতা,ঠিকাদাৰ জীৱন চুতীয়াই চুঙাজান নাওজান পথটো মেৰামতি কৰাৰ নামত বিভাগীয় বিষয়াই মিলি ধন আত্মসাত কৰিছিল | এই সম্পৰ্কে আজি সৰুপথাৰৰ সাধনী ভৱনত অনুষ্ঠিত হোৱা সংবাদ মেলত তেওঁ কয় যে চুঙাজান চাৰি আলিৰ পৰা নাওঘাটলৈ প্ৰায় ৭৮ লাখ টকাৰে মুঠ ৩.৩ কি.মি.হে মেৰামতিৰ নিবিদা লাভ কৰিছিল | সেই কামৰ বাবদ ফুটা কড়ি এটাও এতিয়াও পোৱা নাই | অন্যহাতে গঢ়কাপ্টানী বিভাগৰ কাৰ্যবাহী বিষয়া গৰাকীয়ে দিয়া এক পত্ৰটো যে ঠিকাদাৰ জীৱন চুতীয়াক এতিয়াও পইচা দিয়া নাই বুলি লিখিত পত্ৰ দিয়ে আৰু যিখন আজি সংবাদ কৰ্মীসকলৰ আগত প্ৰদৰ্শন কৰে | সংবাদ মাধ্যমৰ আগত জীৱন চুতীয়াই এই কথাও উল্লেখ কৰে যে চন্দ্ৰ লহকৰ নামৰ ব্যক্তিজন বিজেপিৰ কৰ্মী বুলি নিজকে জাহিৰ কৰি ফুৰে যদিও তেওঁৰ কোনো বিজেপিৰ কৰ্মী নহয় আৰু দলীয় কোনো সভা সমিতিত উপস্হিত নাথাকে। 

ইয়াৰ উপৰিও চন্দ্ৰ লহকৰ চুঙাজান এম ভি ৰ বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীৰ স্বামী । উল্লেখ্য যে, যিগৰাকী চন্দ্ৰ লহকৰে মিছা অভিযোগ আনিছিল সেই গৰাকী লোক ইতিপূৰ্বে এটি গোচৰৰ অভিযোগত জেল ভাত খাবলগীয়া হৈছিল | গতিকে তেনে এগৰাকী ব্যক্তি বিজেপিৰ সদস্য নহয় আৰু পৰবৰ্তী সময়ত বিষয়টো দলীয় উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত অৱগত কৰিব আৰু প্ৰয়োজন হলে চন্দ্ৰ লহকৰ আৰু ৱেব পৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্হা হাতত লব  বুলি ঠিকাদাৰ জীৱন চুতীয়াই আজি সংবাদমেলত জানিবলৈ  দিয়ে |




No comments