Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কোৰোনাৰ তৃতীয়টো লহৰত কম্পমান ভাৰত ঃ কেইবাখনো ৰাজ্যত পুনৰ বন্ধ হ’ল শিক্ষানুষ্ঠান

নতুন দিল্লী, ২০ নৱেম্বৰ ঃ  কোৰোনাৰ তৃতীয়টো লহৰত কম্পমান হৈ পৰিছে সমগ্ৰ ভাৰত। দেশৰ চৌদিশে এতিয়া পুনৰ কোৰোনাৰ আক্ৰান্তই বিৰাজ কৰিছে। যি সময়ত দ...

নতুন দিল্লী, ২০ নৱেম্বৰ ঃ  কোৰোনাৰ তৃতীয়টো লহৰত কম্পমান হৈ পৰিছে সমগ্ৰ ভাৰত। দেশৰ চৌদিশে এতিয়া পুনৰ কোৰোনাৰ আক্ৰান্তই বিৰাজ কৰিছে। যি সময়ত দেশবাসীয়ে কোৰোনা নাইকিয়া হোৱা বুলি আশা প্ৰকাশ কৰিছিল তথা সামাজিক দূৰত্ব অথবা মাস্ক পৰিধান কৰিবলৈ বাদ দিছিল, তেনে সময়ছোৱাতেই দেশত পুনৰায় কোৰোনাই ভয়াৱহতাৰ সৃষ্টি কৰিছে। যোৱা ২৪ ঘণ্টাত ৪৫ হাজাৰতকৈও অধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫০০তকৈও অধিক লোকৰ প্ৰাণ হানি হৈছে। বৰ্তমানো দেশত প্ৰতিদিনেই বহুত লোকৰ কোৰোনাত প্ৰাণ হানি হৈ আছে। বিভিন্নজনে প্ৰকাশ কৰা অনুসৰি চৰকাৰে ক’ভিড-১৯ৰ পৰীক্ষা হ্ৰাস কৰাৰ বাবে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। চৰকাৰে ইয়াৰ পূৰ্বে প্ৰতিদিনেই ১২ লাখতকৈও অধিক কোৰোনাৰ পৰীক্ষা কৰিছিল।

 কিন্তু এতিয়া ইয়াৰ সংখ্যা হ্ৰাস পাইছে। যাৰ ফলত আক্ৰান্তৰ সংখ্যাও হ্ৰাস পাবলৈ ধৰিছে। ৰাজধানী দিল্লীত অধিক ভয়াৱহতাৰ সৃষ্টি কৰিছে কোৰোনা মহামাৰীয়ে। ৰাজধানী দিল্লীত বহু লোকৰ কোৰোনাত দৈনিক প্ৰাণ হানি হ’বলৈ ধৰিছে। ফলত হাস্পতালসমূহত আই চি ইউ বিছনাৰ অভাৱ ঘটিছে। সেইবাবেই শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত অমিত শ্বাহে আশ্বাস দিছিল যে দিল্লীত ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰা হ’ব। ইয়াৰ উপৰি আই চি ইউৰ বিছনাৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। দিল্লীত এতিয়া মাস্ক পৰিধান নকৰিলে ২,০০০ টকালৈ জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। কেৱল দিল্লীতেই নহয়, এতিয়া দেশৰ চৌদিশে কোৰোনাৰ আতংকই বিৰাজ কৰিছে। বিদ্যালয়সমূহ পুনৰায় খুলিবলৈ লোৱাৰ সময়তে কোৰোনাৰ আতংকই দেখা দিছে। যাৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত পুনৰ বন্ধ ঘোষণা কৰিছে। 

মুম্বাইত ২০২১তহে বিদ্যালয়সমূহ খুলিব। ২০২০ৰ ৩১ ডিচেম্বৰলৈ বিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰা হৈছে। মুম্বাইত প্ৰথমে ২৩ নৱেম্বৰৰ পৰা নৱম আৰু দ্বাদশ শ্ৰেণীসমূহ পুনৰ খোলাৰ কথা আছিল যদিও কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ৩১ ডিচেম্বৰলৈ বিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰা হৈেছ। ঠিক একেদৰে মিজোৰামত ১৫জন ছাত্ৰ কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই মিজোৰাম চৰকাৰে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। মিজোৰামৰ দুখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ১৫জন ছাত্ৰ কোৰোনাত আক্ৰান্ত হৈছিল। ৰাজ্যখনত ১৬ অক্টোবৰৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণী খুলিছিল। কিন্তু কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধৰ ঘোষণা কৰিছে। আনহাতে হাৰিয়াণাৰ তিনিখন জিলাত ১৫০জনতকৈও অধিক শিক্ষাৰ্থী কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত শিক্ষানুষ্ঠানসমূহ কেইবা দিনলৈ বন্ধৰ ঘোষণা কৰা হৈছে। 

একেদৰে গুজৰাটতো কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহ খোলাৰ দিন পিছুৱাই দিয়া হৈছে। ২৩ নৱেম্বৰৰ পৰা গুজৰাটৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ কথা আছিল যদিও কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এই সময়সীমা পিছুৱাই দিয়া হৈছে। একেদৰে উত্তৰাখণ্ডতো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে। একেদৰে কৰ্নাটকৰো বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত পিছুৱাই দিয়া হৈছে। ১৭ নৱেম্বৰৰ পৰা ৰাজ্যখনত বিদ্যালয়সমূহ খোলাৰ কথা আছিল যদিও কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে।

No comments