গণ বার্তা, যোৰহাট, ৬ নৱেম্বৰঃ অতীতৰ ফৰকাটিং বৰ্তমানৰ এ টি ৰ'ড তৰাজান,যোৰহাট নিবাসী,অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যোগেশ্বৰ বৰাই...
গণ বার্তা, যোৰহাট, ৬ নৱেম্বৰঃ অতীতৰ ফৰকাটিং বৰ্তমানৰ এ টি ৰ'ড তৰাজান,যোৰহাট নিবাসী,অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যোগেশ্বৰ বৰাই যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলক অধ্যয়নত উদগনি দিয়াৰ উদ্দেশ্যৰে "অন্নদা যোগেশ্বৰ বৰা স্মাৰক ন্যাস''নামেৰে এটা ন্যাস প্ৰৱৰ্তন কৰে। মহাবিদ্যালয় খনৰ অধ্যক্ষৰ লগত পৰামৰ্শ কৰি ন্যাসৰ সকলো নিয়ম নীতৰে যোৰহাটৰ উপ পঞ্জিয়কৰ সাক্ষৰ কৰি ২,০০,০০০(দুই লাখ)টকাৰ এখন চেক দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা উক্ত ন্যাসৰ সম্পাদকৰ হাতত যোগেশ্বৰ বৰাই অৰ্পণ কৰে।ন্যাসৰ বছেৰেকীয়া আয়ৰ পৰা প্ৰত্যেক বছৰে মহাবিদ্যালয়খনৰ পৰা স্নাতকত সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীক ট্ৰাষ্টৰ নামত অন্নদা যোগেশ্বৰ বৰুৱা ন্যাসৰ এখন মানপত্ৰ সহ নগদ ধন প্ৰদান কৰিব।উল্লেখ্য যোগেশ্বৰ বৰাই ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নত উদগনি ইয়াৰ উদ্দেশ্যৰে ১৯৯৫ চনৰ পৰা উক্ত মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰী গৰাকীক এটি চলন্ত বঁটা সহ নগদ টকা প্রদান কৰি আহিছে।চলন্ত বঁটাটোৰ নাম"অন্নদা বৰা সোঁৱৰণী উদগনিমূলক বঁটা''১৯৯৩ চনত ফৰকাটিং মহাবিদ্যালয়ত "অন্নদা বৰা সোঁৱৰণী কোঠা নামেৰে এটি কোঠা দান কৰে। তদুপৰি যোগেশ্বৰ বৰুৱা অন্যান্য বহু সামাজিক কামটো বৰা জড়িত। ( ঋতুৰাজ ফুকন, যোৰহাট )
No comments