Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১০ মাহত প্ৰতিদিনে আদানিৰ উপাৰ্জন ৪৪৯ কোটি টকাঃ মুকেশ আম্বানীক পিছ পেলালে গৌতম আদানিয়ে

নতুন দিল্লী, ২১ নৱেম্বৰ ঃ আৰবপতি গৌতম আদানীৰ সম্পত্তিৰ তালিকা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছৰে পৰাই গৌতম আদানীৰ ...

নতুন দিল্লী, ২১ নৱেম্বৰ ঃ আৰবপতি গৌতম আদানীৰ সম্পত্তিৰ তালিকা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছৰে পৰাই গৌতম আদানীৰ সম্পত্তিৰ তালিকা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে এবছৰত সম্পত্তি বৃদ্ধিৰ তালিকাত আৰবপতি মুকেশ আম্বানীক পিছ পেলালে গৌতম আদানীয়ে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি গুজৰাটৰ পৰা যেতিয়া দিল্লীৰ ক্ষমতাত বহিবলৈ নৰেন্দ্ৰ মোদী আহিছিল, সেই সময়ছোৱাত গৌতম আদানীৰ ব্যক্তিগত বিমানতেই প্ৰধানমন্ত্ৰী উঠি আহিছিল। ইয়াৰ দ্বাৰা এইটো কথা প্ৰতিপন্ন হয় যে প্ৰধানমন্ত্ৰী আৰু গৌতম আদানীৰ বন্বুূত্ব কিমান যুগমীয়া। এই বন্বুূত্বৰ ফলতেই এতিয়া গৌতম আদানীৰ সম্পত্তি অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিটো খণ্ড এতিয়া গৌতম আদানীৰ দখলত যাবলৈ ধৰিছে।

 গৌতম আদানীয়ে যোৱা ১০ মাহত প্ৰতিদিনেই ৪৪৯ কোটি টকা উপাৰ্জন কৰিছে। যাৰ ফলত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ এতিয়া ১.৪১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। উল্লেখ্য যে আদানী গ্ৰু¸পৰ চেয়াৰমেন গৌতম আদানী চলিত বৰ্ষত অধিক ধন উপাৰ্জন কৰা উদ্যোগপতি হৈ পৰিছে। মুকেশ আম্বানী এছিয়াৰ প্ৰথমগৰাকী ধনী ব্যক্তি হয় যদিও এবছৰত মুঠ উপাৰ্জনৰ ক্ষেত্ৰত গৌতম আদানীয়ে পিছ পেলাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ চেয়াৰমেনগৰাকীক। বৰ্তমান সম্পত্তিৰ ক্ষেত্ৰত আম্বানী বিশ্বৰ দশম স্থানত থকাৰ বিপৰীতে আদানী ৪০ নম্বৰ স্থানত আছে। কিন্তু এবছৰত অধিক সম্পত্তি গঢ়াৰ তালিকাত ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰিছে গৌতম আদানী। আদানীয়ে চলিত বৰ্ষত প্ৰতিদিনে ৪৪৯ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে মুকেশ আম্বানীয়ে উপাৰ্জন কৰিছে ৩৮৫ কোটি টকা। এবছৰ আদানীৰ সম্পত্তিৰ পৰিমাণ ১.৪১ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে আম্বানীৰ সম্পত্তিৰ পৰিমাণ ১.২১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। 

No comments