Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সুদীৰ্ঘ ২৪ বছৰীয়া সংগ্ৰামৰ অন্তত সদৌ মৰাণ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় ললে অৰুনজ্যোতি মৰানে৷ ৰাইজে যদি বিচাৰে ৰাজনীতিত যোগদান কৰিব অৰুনজ্যোতিয়ে৷

গণ বাৰ্তা, মাৰ্ঘেৰিটা, ২৩ নৱেম্বৰঃ  আছুৰ সাধাৰন সম্পাদক লুৰিনজ্যোতি গগৈয়ে দুলিয়াজান অধিবেশনত আছুৰ মজিয়াৰ পৰা বিদায় লোৱাৰ পিছতেই উজনি অসম...


গণ বাৰ্তা, মাৰ্ঘেৰিটা, ২৩ নৱেম্বৰঃ  আছুৰ সাধাৰন সম্পাদক লুৰিনজ্যোতি গগৈয়ে দুলিয়াজান অধিবেশনত আছুৰ মজিয়াৰ পৰা বিদায় লোৱাৰ পিছতেই উজনি অসমৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন সদৌ মৰান ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সুদীৰ্ঘ ২৪ বছৰীয়া সংগ্ৰামৰ অন্তত বিদায় ললে অৰুনজ্যোতি মৰানে৷ ৰাজ্যৰ অন্যতম শক্তিশালী ছাত্ৰ নেতাসকলৰ অন্যতম অৰুনজ্যোতি মৰানে এক আবেগবিহ্বল মূহূৰ্তত তিনিচুকীয়া জিলাৰ ডিগবৈত আজি অনুষ্ঠিত মৰান ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত সদৌ মৰান ছাত্ৰ সন্থাৰ পৰা বিদায় গ্ৰহন কৰে৷ উল্লেখ্য যে, ডিগবৈৰ মুলিয়াবাৰীৰ বদৌছা সমন্বয় ক্ষেত্ৰত যোৱা ২৮ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল সদৌ মৰান ছাত্ৰ সন্থাৰ ২১ সংখ্যক কেন্দ্ৰীয় অধিবেশন৷ উক্ত অধিবেশনৰ কাৰ্যসূচী অনুসৰি দ্বিতীয় দিনা অৰ্থাৎ ২৯ অক্টোবৰত অনুষ্ঠিত হব লগা আছিল অন্তিম খন কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা৷ কিন্তু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱ অনুসৰি সৰ্বসন্মতিক্ৰমে একবিংশতিতম অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিবলৈ কিছু বাকী ৰৈ যোৱাত উক্ত দিনা কাৰ্যনিৰ্বাহক সভাখন স্তগিত কৰি ১৭ নৱেম্বৰ আৰু ২২ নৱেম্বৰত প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷ সেই অনুসৰি ২২ নৱেম্বৰৰ বিয়লি সদৌ মৰান ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়৷ আজি পুৱালৈকে চলা প্ৰতিনিধি সভাৰ অন্ততঃ সন্থাৰ সভাপতি অৰুনজ্যোতি মৰানে সদৌ মৰান ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় গ্ৰহন কৰে৷ এক আবেগবিহ্বল মূহূৰ্তত অৰুনজ্যোতি মৰানে মৰান ছাত্ৰ সন্থাৰ পৰা বিদায় গ্ৰহন কৰি অনাগত দিনতো সমাজৰ বাবেই নিৰবনিচিন্নভাবে কাম কৰি যাব বুলি মন্তব্য কৰে৷ মৰান ছাত্ৰ সন্থাৰ পৰা বিদায় লোৱাৰ পিছত অৰুনজ্যোতি মৰানে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ডিগবৈ বিধান সভা সমষ্ঠিৰ পৰা আগন্তুক ২০২১ ৰ নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি সৰ্বত্ৰে চলি থকা চৰ্চাৰ সন্দৰ্ভত কয় যে,  ৰাজনীতিত যোগদানৰ ক্ষেত্ৰত এতিয়ালৈকে চিন্তা কৰা নাই৷ এই সন্দৰ্ভত ৰাইজৰ সতে, শুভকাংক্ষীৰ সতে, অন্তৰ আত্মাৰ সতে আলোচনা কৰা হব৷ সিদ্ধান্ত ৰাইজে দিব৷ ৰাইজে যদি বিচাৰে অৰুনজ্যোতি মৰান ৰাজনীতিত যোগদান কৰক, তেনেহলে অৰুনজ্যোতি মৰানে যোগদান কৰিব ৰাজনীতিত৷ মৰান ছাত্ৰ সন্থাৰ পৰা বিদায় লোৱাৰ পিছত সমাজৰ বাবেই জীৱনটো উৎসৰ্গা কৰিব বুলি মন্তব্য কৰে অৰুনজ্যোতিয়ে৷ উল্লেখ্য যে, ২৪ টাকৈ বছৰ সদৌ মৰান ছাত্ৰ সন্থাৰ সতে জঢ়িত আছিল অৰুনজ্যোতি মৰান৷ ইয়াৰে ১৫ টা বছৰে সংগঠনটোৰ নেতৃত্ব প্ৰদান কৰিছিল অৰুনজ্যোতি মৰানে৷ অৰুনজ্যোতি মৰানৰ নেতৃত্বত সদৌ মৰান ছাত্ৰ সন্থাই লাভ কৰিছিল এক অনন্য গতি, লাভ কৰিছিল সুকীয়া পৰিচয়৷ মৰান জনগোষ্ঠীৰ সমান্তৰালকৈ সমূহ জাতী জনগোষ্ঠী, ভাষা সংস্কৃতিৰ লোকক প্ৰাধান্য দি বৃহত্তৰ অসমীয়া জাতী গঠন প্ৰক্ৰিয়াটোক আগুৱাই নিবলৈ প্ৰয়াস কৰিছিল অৰুনজ্যোতিয়ে৷ অৰুনজ্যোতি মৰান বৰ্তমানে অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, বদৌচা স্পৰ্টচ ক্লাব, অসম সাহিত্য সভা, জনগোষ্ঠীয় সমন্নয়ৰক্ষী সমিতি, জনগোষ্ঠীয় ঐক্যমঞ্চকে ধৰি বহুকেইটা অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ বিষয়বাবৰ পদবীত আছে৷ আনফালে বাতৰি লিখাৰ পৰলৈকে ডিগবৈৰ ইণ্ডিয়া ক্লাবত ভোট গ্ৰহনৰ জৰিয়তে নতুন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে৷ কোন হব মৰান ছাত্ৰ সন্থাৰ পৰবৰ্তী সভাপতি সম্পাদক সেয়া নিশালৈকে নিশ্চিত হব৷  ( সীমান্ত চেতিয়া, মাৰ্ঘেৰিটা৷) 

No comments