Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দায়িত্ব গ্ৰহণৰ এঘণ্টাৰ পিছতেই বিহাৰৰ শিক্ষামন্ত্ৰীৰ পদত্যাগঃ মেৱালাল চৌধুৰী বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পাটনা, ১৯ নৱেম্বৰ ঃ বিহাৰত নৱগঠিত এন ডি এ চৰকাৰৰ আৰম্ভণিতে লাগিছে অথন্তৰ। তিনিদিন পূৰ্বে নীতীশ কুমাৰৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হৈছিল। নীতী...

পাটনা, ১৯ নৱেম্বৰ ঃ বিহাৰত নৱগঠিত এন ডি এ চৰকাৰৰ আৰম্ভণিতে লাগিছে অথন্তৰ। তিনিদিন পূৰ্বে নীতীশ কুমাৰৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হৈছিল। নীতীশ কুমাৰে একেৰাহে চতুৰ্থবাৰলৈ আৰু ছেগা-চোৰোকাকৈ সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত লৈছিল। ইয়াৰ উপৰি দুজন উপ-মুখ্যমন্ত্ৰী আৰু ১২জন কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল। এইসমূহ কেবিনেট মন্ত্ৰীৰ ভিতৰত আছিল মেৱালাল চৌধুৰী। তেওঁ বিহাৰৰ শিক্ষামন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল। এই শপত গ্ৰহণৰ পিছতেই নীতীশ কুমাৰৰ নৱগঠিত চৰকাৰখন বিতৰ্কত সাঙোৰ খাই পৰে। কিয়নো মেৱালাল চৌধুৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ আছে। দুৰ্নীতিত অভিযুক্ত এজনক নীতীশ কুমাৰে স্বাস্থ্য বিভাগৰ দৰে এটা গুৰুদায়িত্ব অৰ্পণ কৰাক লৈ তেওঁকসমালোচনাৰ লক্ষ্য কৰি লয় বিৰোধীসকলে।

 মেৱালাল চৌধুৰীয়ে শিক্ষামন্ত্ৰী ৰূপে আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণৰ এঘণ্টা পিছতেই এই শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। মেৱালাল চৌধুৰীয়ে পদত্যাগ কৰি কয় যে অভিযোগ তেতিয়াহে শুদ্ধ বুলি প্ৰমাণিত হয়, যেতিয়া অভিযোগনামা দাখিল হয় অথবা ন্যায়ালয়ে নিৰ্দেশ দিয়ে। কিন্তু এতিয়ালৈ মোৰ বিৰুদ্ধে কোনোধৰণৰ অভিযোগ প্ৰমাণিত হোৱা নাই। উল্লেখ্য যে মেৱালাল চৌধুৰী যোৱা কেইবা বছৰ পূৰ্বে নিযুক্তি কেলেংকাৰীত সাঙোৰ খাই পৰিছিল। ইয়াৰ পিছতেই  তেওঁক বিজেপিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। সেই সময়ত বিৰোধীৰ আসনত বহা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীয়ে মেৱালালৰ গ্ৰেপ্তাৰৰ দাবী জনাইছিল। 

সেই সময়ত বিহাৰৰ ৰাজ্যপাল ৰূপে আছিল বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ। ৰামনাথ কোৱিন্দলৈও পত্ৰ প্ৰেৰণ কৰি তেওঁৰ বিৰুদ্ধে তদন্তৰ আহবান জনাইছিল বিজেপিয়ে। বিজেপিয়ে সেই সময়ছোৱাত নীতীশ কুমাৰক এই বিষয়টোক লৈ তীব্ৰ সমালোচনা কৰি আহিছিল। কিন্তু এনে এজন দাগী বিধায়কক এইবাৰ শিক্ষামন্ত্ৰীৰ দৰে গুৰুদায়িত্ব অৰ্পণ কৰাৰ পিছতেই বিৰোধী দলসমূহে পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় নীতীশ কুমাৰক। যাৰ বাবে উপায়বিহীন হৈ শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ এঘণ্টা পিছতেই মেৱালাল চৌধুৰীয়ে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

No comments