Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বেংগালুৰুৰ অধিনায়ক পদৰ পৰা আঁতৰাব নালাগে কোহলীক: বীৰেন্দ্ৰ সেহবাগ

নতুন দিল্লী, ১০ নৱেম্বৰঃ  ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহবাগে কয় যে বিৰাট কোহলীক ৰয়েল চেলেঞ্জৰ্ছ বেংগালুৰুৰ অধিনায়ক পদৰ পৰা আঁতৰাব না...

নতুন দিল্লী, ১০ নৱেম্বৰঃ  ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহবাগে কয় যে বিৰাট কোহলীক ৰয়েল চেলেঞ্জৰ্ছ বেংগালুৰুৰ অধিনায়ক পদৰ পৰা আঁতৰাব নালাগে। বেংগালুৰুক শুকুৰবাৰে অনুষ্ঠিত আইপিএলৰ ১৩তম সংস্কৰণৰ এলিমিনেটৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে ছয়টা উইকেটৰ ব্যৱধানত পৰাস্ত কৰিছিল। এতিয়া হায়দৰাবাদ দিল্লীৰ হাতত পৰাস্ত হৈ আইপিএলৰ পৰা বাহিৰ হৈছে। বেংগালুৰুৱে ২০১৬ত ফাইনেল খেলিছিল, কিন্তু হায়দৰাবাদৰ হাতত পৰাস্ত হৈছিল। ২০১৭ত তালিকাৰ অন্তিম স্থানত থকাৰ বিপৰীতে ২০১৮ত ষষ্ঠ আৰু ২০১৯ত অন্তিম স্থানত থাকে। ইয়াৰ পিছত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে হৈছিল যে দলটোক এতিয়া অধিনায়ক বিৰাট কোহলীৰ বিকল্প বিচাৰিব লাগে। 

আনহাতে সেহবাগে সংবাদ মাধ্যমৰ আগত কৈছে যে অধিনায়কৰ বাবে এটা ভাল দল থকাটো অতি প্ৰয়োজন। ইয়াৰ বাবে বিৰাট কোহলী যেতিয়া ভাৰতীয় দলৰ অধিনায়ক হয়, তেতিয়া ফলাফল বেলেগ হয়। তেওঁ টেষ্ট, এদিনীয় আৰু টি-২০ ছিৰিজ জিকিবলৈ সক্ষম হয়। কিন্তু যেতিয়া বেংগালুৰুৰ হৈ খেলে তেতিয়া তেওঁৰ দলটোৱে ভাল ফলাফল দেখুৱাব নোৱাৰে। তেওঁ কয়- মই অনুভৱ কৰো যে অধিনায়কৰ হাতত ভাল দল থাকিব লাগে। মই ভাবোঁ দলৰ বিষয়াই অধিনায়ক সলনিৰ চিন্তা কৰিব নালাগে। তেওঁলোকে চিন্তা কৰিব লাগে দলটোক কেনেদৰে শক্তিশালী কৰিব পৰা যায়। কোহলী ২০১৩ৰ পৰাই দলটোৰ অধিনায়ক হৈ আছে। তেওঁৰ নেতৃত্বত দলটোৱে আঠটা সংস্কৰণৰ ভিতৰত তিনিটাত হে প্লেঅফত স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে।

No comments