Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংখ্যালঘু আন্দোলনৰ নিপুণ সৈনিক ফজলুৰ ৰহমানৰ দেহাৱসান

  ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১২ নৱেম্বৰ :  সংখ্যালঘু আন্দোলনৰ এগৰাকী নিপুণ সৈনিক তথা দৰং  জিলা ‘আমছু’ৰ প্ৰতিষ্ঠাপক সভাপতি, মঙলদৈ উকীল সন্থাৰ অন...

 



ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১২ নৱেম্বৰ :  সংখ্যালঘু আন্দোলনৰ এগৰাকী নিপুণ সৈনিক তথা দৰং  জিলা ‘আমছু’ৰ প্ৰতিষ্ঠাপক সভাপতি, মঙলদৈ উকীল সন্থাৰ অন্যতম সদস্য ফজলুৰ ৰহমান (৭২)ৰ আজি দিনৰ ১১.৪৫  বজাত নিজ গৃৃহতে পৰলোকপ্ৰাপ্তি ঘটাৰ বাতৰিয়ে সমগ্ৰ দৰং জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে  দীৰ্ঘদিন ধৰি তেওঁ মধুমেহ ৰোগত আক্ৰান্ত হৈ নিজ গৃৃৃহতে চিকিৎসা গ্ৰহণ কৰি  আছিল।  তেওঁ  সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন ন্যায় প্ৰাপ্তিৰ  বাবে গণতান্ত্ৰিক আন্দোলন কৰি গৈছিল। বিশেষকৈ দৰং জিলাৰ পূব প্ৰান্তৰ জনসাধাৰণৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত আগবঢ়াই যোৱা  অৰিহণাৰ বাবে  তেওঁৰ  নাম বিশেষভাৱে সংখ্যালঘু ৰাইজৰ মাজত চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে  কয় যে ৰহমানৰ  মৃত্যুত  আমি  সংখ্যালঘু আন্দোলনৰ এজন নিপুণ সৈনিকক হেৰুৱালো।

 আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে কয় যে তেওঁৰ মৃত্যু সংখ্যালঘু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ এজন আদৰ্শৱান ব্যক্তি আছিল।জাতীয় আন্দোলনত তেওঁৰ যি অৰিহণা আছিল সেই অৰিহণা সংখ্যালঘু ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব। আমছুৰ উপ-সভাপতি ৰেজিবুৰ ৰহমানে কয় যে সাংগঠনিক দিশত আগবঢ়োৱা অৱদানবোৰ আমছুৰ নেতৃত্বই কেতিয়াও পাহৰিব নোৱাৰে। আনহাতে আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে কয় যে আমছুৱে  আজি এজন অভিভাৱক হেৰুৱালে। তেওঁৰ কৰ্মৰাজিয়ে তেওঁক চিৰযুগমীয়া কৰি ৰাখিব বুলি মন্তব্য কৰে আমছুৰ নেতাগৰাকীয়ে।

 ফজলুৰ ৰহমানৰ মৃত্যুত আমছুৰ কেন্দ্ৰীয় সমিতিৰ লগতে দৰং জিলা সমিতিৰ সভাপতি আলেপ উদ্দিন, সাধাৰণ সম্পাদকদ্বয় মাহবুবুল আলম আৰু আব্দুছ চামাদে  গভীৰ শোক প্ৰকাশ কৰি  বিদেহী  আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। মহান আল্লাহ-পাকে তেওঁৰ  জান্নাতুল ফিৰদাউচ নচিব কৰাৰ কামনা কৰে আমছুৰ নেতৃত্বই। মৃত্যুৰ সময়ত ৰহমানে পত্নীসহ এজন পুত্ৰ আৰু তিনিগৰাকী কন্যাসন্তানসহ অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। আজি সন্ধিয়া অগণন লোকৰ উপস্থিতিত  বুঢ়ীগাঁও মাদ্ৰাছা প্ৰাংগণত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়।

No comments