Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড়ত ৰাইজৰ দলৰ বিধানসভা সমিতি গঠন

গণ বাৰ্তা, ডিব্ৰুগড়, ২৮ নৱেম্বৰঃ ৰাজ্যত এতিয়া ২০২১ৰ বিধানসভা নিৰ্বাচনী ৰণশিঙা বাজিছে। সকলো ৰাজনৈতিক দল-সংগঠনে সভা সমিতি জৰিয়তে নিৰ্বাচনী প...

গণ বাৰ্তা, ডিব্ৰুগড়, ২৮ নৱেম্বৰঃ ৰাজ্যত এতিয়া ২০২১ৰ বিধানসভা নিৰ্বাচনী ৰণশিঙা বাজিছে। সকলো ৰাজনৈতিক দল-সংগঠনে সভা সমিতি জৰিয়তে নিৰ্বাচনী প্ৰচাৰৰ চলোৱা দেখা গৈছে। এই দিশত পিছ পৰি ৰোৱা নাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু বীৰ লাচিত সেনাৰ ঔৰষত জন্ম লোৱা ৰাইজৰ দল। শনিবাৰে ৰাইজৰ দলে ডিব্ৰুগড়ৰ হোটেল কেতেকী অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সমিতি খন গঠন কৰে। ৰাজ্যিক আহ্বায়ক দিগন্ত চাংমাই  সভাপতিত্বত অনুষ্ঠিত সভাত অমূল্য আহোমক সভাপতি, তাজুদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ ৩৯জনীয়া এক শক্তিশালী ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সমিতিখন গঠন কৰে। 

আজিৰ সভাতে ডিব্ৰুগড় নগৰৰ অসম গণ পৰিষদ দলৰ ২৩জন সদস্য-সদস্যাই ৰাইজৰ দলত  আনুষ্ঠানিকভাৱে যোগদান কৰা উপৰিও যুৱ কংগ্ৰেছৰ বহু সংখ্যক সদস্যই ৰাইজৰ দলত যোগদান কৰে। আজিৰ সভাত ৰাইজৰ দলৰ কেন্দ্ৰীয় আহ্বায়ক মহেন্দ্ৰ দিহিঙীয়া, লোহিত গগৈ, মোহিনীমহন লীগৰা, ৰুবুল বুঢ়াগোহাঁই  উপস্থিত থাকি ৰাইজৰ দলৰ সম্পৰ্কে বক্তব্য ৰাখে। নতুনকৈ গঠন কৰা সমিতি খনে অনাগত দিনত ৰাইজৰ দলৰ দৰ্শন, নীতি, উদেশ্যে জনসাধাৰণৰ মাজৰ লৈ যোৱাৰ লগতে প্ৰকৃত উন্নয়নৰ উদ্দেশ্যে ৰাইজৰ কণ্ঠ দাঙি ধৰিবলৈ সক্ষম হব। ভাৰতীয় জনতা পাৰ্টিক অসমৰ পৰা পুলিয়ে পোখাই উভালিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় কেন্দ্ৰীয় নেতৃত্বই। আজিৰ সভাত ডিব্ৰুগড় নগৰৰ বহুকেইজন গণ্য মান্য লোক উপস্থিত থাকে।

No comments