গণ বাৰ্তা, নকছাৰি, ৮ নবেম্বৰ : মৰিয়নী নিউসোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যলয়ৰ অন্তৰ্গত দিচৈভেলি সংৰক্ষিত অভয়াৰণ্যত বিগত কিছুদিনৰ পৰা নগা অনুপ...
গণ বাৰ্তা, নকছাৰি, ৮ নবেম্বৰ : মৰিয়নী নিউসোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যলয়ৰ অন্তৰ্গত দিচৈভেলি সংৰক্ষিত অভয়াৰণ্যত বিগত কিছুদিনৰ পৰা নগা অনুপ্ৰৱেশকাৰীয়ে অবৈধ ভাৱে নিজৰ কাৰ্য্যকলাপ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছিল ৷ শেহতীয়াকৈ দিচৈভেলি অভয়াৰণ্য মাজত নগা বেদখলকাৰীয়ে নিজাববীয়াকৈ পকী দলং নিৰ্মাণ কৰি পুনৰ এটা পকী সীমান্ত নিৰিক্ষণ চাউনি (কেম্প) নিৰ্মাণ কৰি থকাৰ দীৰ্ঘদিনে অভিযোগ উত্থাপন হৈ আহিছিল ৷ কালি সন্ধিয়া নিউসোনোৱাল খণ্ড বন বিষয়া আৰু অসমৰ সীমান্ত নিৰিক্ষণৰ দায়িত্বত থকা এটা দলে দিচৈভেলি বনাঞ্চলত নিয়মীয়া তহলদাৰী কৰাৰ সময়ত নগা বেদখলকাৰীয়ে নিৰ্মাণ কৰা কেম্পৰ সম্ভেদ পাই নগা অনুপ্ৰৱেশকাৰীৰ সবিশেষ উচ্চপদস্থ বিষয়াক অৱগত কৰে আৰু আজি দুপৰীয়া যোৰহাট জিলা বন বিষয়া বিদুৎ বৰঠাকুৰ মৰিয়নী ৰাজহচক্ৰ বিষয়া বিশ্বজিৎ বৰা মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক বৰা আৰু নিউসোনোৱাল খণ্ড বন বিষয়া নৱজিৎ বৰা আৰু মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্য্যালয় বন বিষয়া প্ৰসেন দাসৰ সহযোগিতাত নাজিৰা লিগিৰী পুখুৰীৰ আৰক্ষী বেটেলিয়ন উইংগ কামাণ্ড চক্ৰসেন কামানৰ নেতৃত্বত অসম আৰক্ষীৰ এটা বৃহৎ দলে বনাঞ্চল খনৰ মাজত চলা বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় ৷ অভিযান কালচোৱাত অসমৰ দলটোৱে প্ৰায় ২ লক্ষ্যধীক টকাৰ গৃহ নিৰ্মাণৰ সামগ্ৰী জব্দ কৰি অনাৰ উপৰিও বহু আপত্তিজনক সামগ্ৰী নষ্ট কৰি দিয়ে৷ অসমৰ প্ৰশাসনৰ এই পদক্ষেপক মৰিয়নীবাসী ৰাইজে সলাগ লৈছে ৷ ( সপোন ৰহমান শইকীয়া নকছাৰি )
No comments