ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৬ নৱেম্বৰ : বিজেপি চৰকাৰৰ জনবিৰোধী নীতি, শ্ৰমিক বিৰোধী,কৃষক বিৰোধী নীতিসমুহ বাতিল কৰাৰ দাবীত কেন্দ্ৰীয় ট্ৰেডইউনিয়ন...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৬ নৱেম্বৰ : বিজেপি চৰকাৰৰ জনবিৰোধী নীতি, শ্ৰমিক বিৰোধী,কৃষক বিৰোধী নীতিসমুহ বাতিল কৰাৰ দাবীত কেন্দ্ৰীয় ট্ৰেডইউনিয়নছ আৰু ফেডাৰেচন সমূহৰ আহ্বানত দেশ জোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই যোৰহাটততো চেণ্টাৰ অৱ ইণ্ডিয়ান ইউনিয়নচৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি যোৰহাটৰ ৰাজপথত বিজেপি চৰকাৰৰ জন বিৰোধী নীতি সমূহ বাতিল কৰাৰ দাবীত চিটোৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰতিবাদী সমদলত বহু কেইটা শ্ৰমিক সংগঠনে সহযোগ কৰে । আনহাতে যোৰহাট পৌৰসভাৰ কৰ্মচাৰী ইউনিয়নেও পৌৰকৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণ কৰাৰ দাবীৰ লগতে মাষ্টাৰৰোল আৰু নিৰ্ধাৰিত কৰ্মীসকলৰ চাকৰী স্থায়ীকৰণ আদিৰ দাবীসমূহ উত্থাপন কৰি যোৰহাট পৌৰকৰ্মচাৰী ইউনিয়নে আজি কৰ্মবিৰতি পালন কৰি যোৰহাটৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । যোৰহাটৰ বিদ্যুৎ বিতৰণ কার্যলয়ৰ বাহিৰত বিদ্যুৎ বিতৰণ বিভাগৰ কৰ্মচাৰীসকলে ৰাজহুৱা প্ৰতিষ্ঠান ব্যক্তিগত কোম্পানীক গটোৱাৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে । যোৰহাট নগৰত চৰকাৰী বেংকসমূহও আজি বন্ধ থকা দেখা যায় ।
No comments