Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চৰ-চাপৰি অঞ্চলতো এনিশা কটাব নেকি জিতেন্দ্ৰ সিঙে?

ছাহজাহান তালুকদাঃ  সমাগত নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰিছে। ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে আটাইবোৰ ৰাজনৈতিক দলে সমষ্টিয়ে সম...




ছাহজাহান তালুকদাঃ

 সমাগত নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰিছে। ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে আটাইবোৰ ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে বাহৰ পাতি নতুন নতুন ৰণকৌশল তৈয়াৰ কৰি ভোটাৰৰ মন জয় কৰাৰ প্ৰয়াস চলাইছে। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত কংগ্ৰেছেও এইক্ষেত্ৰত যেন কোনোধৰণৰ ত্ৰুটি এৰিব বিচৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ বাগানৰ ভোটত চকু পৰিছে কংগ্ৰেছৰ। বাগানৰ ভোট নিজৰ সমৰ্থনলৈ অনাৰ লক্ষ্যৰে ৰাজস্থানৰ ৰাজপৰিয়ালৰ সন্তান তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক, অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে বাগিচাৰ খাটি খোৱা শ্ৰমিকৰ ঘৰত এনিশা আশ্ৰয় গ্ৰহণ কৰাৰ কথাটোৱে এতিয়া চৰ্চা লাভ কৰিছে। 

চাহ শিল্পক অন্যতম অভিকেন্দ্ৰ হিচাপে চিহ্নিত তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহচহৰ ডিব্ৰুগড়ত পৰহি প্ৰদেশ কংগ্ৰেছৰ ভাতৃ সংগঠন চাহ আৰু  প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত চিন্তন বৈঠকত অংশগ্ৰহণ কৰি জিতেন্দ্ৰ সিঙে নিশাটো লেপেটকটা বাগিচাত শ্ৰমিকৰ পঁজাত অতিথি হিচাপে কটোৱা বিষয়টোৱে এতিয়া ৰাজনৈতিক মহলতো চৰ্চাৰ বিষয় হৈ পৰিছে। বিশেষকৈ চাহ শ্ৰমিকসকলৰ এই সমস্যাক লৈ বিভিন্ন চাহ জনগোষ্ঠীয় নেতা-কৰ্মীয়ে সৰৱ ভূমিকা পালন কৰি আহিছে। সমস্যাক লৈ আপোচ নকৰা চাহ জনগোষ্ঠীয় নেতাই দিল্লীৰ এগৰাকী জ্যেষ্ঠ নেতাক চাহ বাগানৰ খাটি খোৱা শ্ৰমিকৰ ঘৰত নিশা কটাবলৈ দি শ্ৰমিকৰ মনৰ বেদনা বুজিবলৈ প্ৰয়াস কৰা বিষয়টোৱে কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

এই ক্ষেত্ৰত যেন কংগ্ৰেছে কিছু সফলতা লাভ কৰিছে। যি কি নহওক, সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছে চাহ বাগানৰ ভোটাৰক নিজৰ সমৰ্থনলৈ অনাৰ বাবে যে সকলো ধৰণৰ প্ৰয়াস চলাইছে সেয়া নিশ্চিত। চাহ বাগানসমূহক লক্ষ্য কৰি কংগ্ৰেছৰ নৱনিযুক্ত তত্ত্বাৱধায়কগৰাকীয়ে উজনি অসমত বাহৰ পাতি কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে। ইপিনে লেপেটকটা চাহ বাগিচাৰ খাটি খোৱা শ্ৰমিকৰ ঘৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্ত্বাৱধায়কগৰাকীয়ে এনিশা কটোৱাৰ বিষয়টোক লৈ নামনি অসমৰ, বিশেষকৈ চৰ-চাপৰি অঞ্চলসমূহত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

 নামনিৰ চৰ-চাপৰি অঞ্চলসমূহক কংগ্ৰেছৰ দুৰ্গ বুলি জনা যায়। কংগ্ৰেছৰ দুৰ্গস্বৰূপ চৰ-চাপৰি অঞ্চলসমূহতো জিতেন্দ্ৰ সিঙে এনিশা কটাই অঞ্চলবাসীৰ মনৰ বতৰা ল’ব নেকি সেই লৈ এতিয়া চৰ্চা হৈছে। চৰ-চাপৰি অঞ্চলৰ পৰা বহু নেতা-বিধায়কে ইতিমধ্যে ৰাজপাত দখল কৰিছে। চৰ-চাপৰিৰ এই নেতা-কৰ্মীসকলক বিভিন্ন দিল্লীৱালা নেতাৰ ওচৰত ‘হয় হুজুৰ’ কৰি থকাহে শুনিবলৈ পোৱা যায়। চাহ জনগোষ্ঠীয় নেতাই যিদৰে দিল্লীৱালা নেতাক খাটি খোৱা শ্ৰমিকৰ ঘৰত নিশা কটাই শ্ৰমিকৰ সমস্যাৰ বুজ লোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে, তেনেস্থলত চৰ-চাপৰি অঞ্চলৰ এইসকল নেতা-কৰ্মীয়ে চৰ-চাপৰি অঞ্চলৰ এগৰাকী খাটি খোৱা শ্ৰমিকৰ ঘৰত নিশা কটাবলৈ দি চৰ-চাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ বুজ লোৱাৰ সুবিধাকণ দিবলৈ সক্ষম হ’ব নে নাই সেই এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে। চৰ-চাপৰিৰ ৰাইজেও কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকীৰ সৈতে মত বিনিময় কৰি সমস্যাসমূহ বহলভাৱে দাঙি ধৰিবলৈ আশা প্ৰকাশ কৰিছে। চৰ-চাপৰি অঞ্চলসমূহৰ এই আশা পূৰণ হ’বনে·










No comments