Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দলৰ পৰিৱৰ্তনক লৈ গম্ভীৰ নহয় কংগ্ৰেছ, দলৰ প্ৰতিটো পৰাজয় স্বাভাৱিক ঘটনা বুলি ভাবে নেতৃত্বই ঃ কপিল সিবাল

  নতুন দিল্লী, ১৬ নৱেম্বৰ ঃ বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত দলটোৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে দলটোৰেই জ্যেষ্...

 

নতুন দিল্লী, ১৬ নৱেম্বৰ ঃ বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত দলটোৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে দলটোৰেই জ্যেষ্ঠ নেতা কপিল সিবালে। সংবাদ মাধ্যমৰ আগত দিয়া আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়— দলৰ পৰিৱৰ্তনক লৈ গম্ভীৰ নহয় কংগ্ৰেছ। যাৰ বাবে দলৰ প্ৰতিটো পৰাজয় এতিয়া স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিছে। জনতাই এতিয়া কংগ্ৰেছক নিবিচৰা হৈছে বিকল্প হিচাপে। কপিল সিবাল হৈছে সেই ২৩গৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ ভিতৰত এজন। যিয়ে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ দলৰ পৰিৱৰ্তন বিচাৰিছিল আৰু পৰাজয়ৰ কাৰণ পৰ্যালোচনা কৰিবলৈ আহবান জনাইছিল। কপিল সিবালে কয়- বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে যি শোচনীয় প্ৰদৰ্শন দাঙি ধৰিলে তাৰ দ্বাৰাই এটা কথা প্ৰতিপন্ন হৈছে যে কংগ্ৰেছ দলক এতিয়া বিকল্প হিচাপে জনতাই নিবিচৰা হৈছে।

কংগ্ৰেছ দলৰ নেতৃত্বই দলৰ ভিতৰচ’ৰাৰ সমস্যাসমূহ সমাধান কৰিবলৈ বিফল হৈছে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত দিয়া আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে তেওঁৰ সন্মুখত দলৰ বহু সমস্যাই ধৰা দিছে যদিও সেই সমস্যাসমূহ তেওঁ সমাধান কৰিব নোৱাৰে। কিয়নো দলৰ পৰিৱৰ্তনক লৈয়ে গম্ভীৰ নহয় কংগ্ৰেছৰ নেতৃত্ব। তেওঁ কয় যে দলৰ বহু নেতাই কংগ্ৰেছৰ পৰিৱৰ্তনক লৈ মাত মাতিছে যদিও তেওঁলোক সফল হোৱা নাই। দলটোক মূল দিশলৈ আগুৱাই নিবলৈ সক্ষম নোহোৱাৰ কথা প্ৰকাশ কৰিছে কপিল সিবালে।

 উল্লেখ্য যে কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছৰ পৰিৱৰ্তন বিচাৰি শেহতীয়াভাৱে ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও সেই পত্ৰৰ ফলাফল তেওঁলোকে নাপালে। ইয়াৰ দ্বাৰাই এই কথা প্ৰতিপন্ন হয় যে কংগ্ৰেছৰ ভিতৰচ’ৰাত এতিয়া লবীকেন্দ্ৰিক ৰাজনীতি চলি আছে। যাৰ বাবে কপিল সিবালৰ দৰে জ্যেষ্ঠ নেতাই এতিয়া সংবাদ মাধ্যমৰ আগত মুকলিকৈ প্ৰকাশ কৰিবলৈ সংকোচ কৰা নাই যে কংগ্ৰেছৰ পৰাজয় এতিয়া স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিছে।

No comments