ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ২৫ নৱেম্বৰ : তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অধ্যয়ন ক...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ২৫ নৱেম্বৰ : তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অধ্যয়ন কৰা যোৰহাটৰ হাইমাদ্ৰাছা স্কুলত আজি শোক সভা অনুষ্ঠিত কৰি প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জনলৈ শ্ৰদ্ধা নিবেদন কৰে স্কুল খনৰ ছাত্ৰ - ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে । স্কুলৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰি ছাত্ৰ ছাত্ৰী সকলে তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰথনা কৰা দেখা গৈছিল । উল্লেখ্য যে ১৯৪৪ চনত তৰুণ গগৈয়ে তৃতীয় শ্ৰেণীত নাম লগাই এই হাই মাদ্ৰাছা স্কুলতে অধ্যয়ন কৰিছিল । তেখেতৰ নাম উল্লেখ থকা ৰেজিষ্টাৰ আজিও হাইমাদ্ৰাছা স্কুল খনত সযতনে ৰখা হৈছে । সেইহে আজি হাইমাদ্ৰাছাৰ শিক্ষক - শিক্ষয়িত্ৰী সকলে গৌৰৱ কৰা বুলি উল্লেখ কৰে । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হাই মাদ্ৰাছা স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আলহাজ তৌফিকুল হুছেইন , সমাজ কৰ্মী নবাব নাচিৰুদ্দিন আহমেদৰ লগতে কেইবাজনো লোক উপস্থিত আছিল । আনহাতে যোৰহাটৰ আৰ্দশ সংযুক্ত বিদ্যালয়ত শোক সভা অনুষ্ঠিত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । চিনামৰা কলেজ ,উকীল বাৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰয়াত নেতা জনাৰ চিৰশান্তিৰ কামনা কৰে ।
No comments