Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহাৰত আকৌ এবাৰ বিৰাহত এন ডি এৰ চৰকাৰঃ বিাহৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ পŽক্ষত ১২৫খন আসন, মহাজোঁটৰ পŽক্ষত ১১০খন আসন

পাটনা, ১১ নৱেম্বৰ ঃ বিহাৰত আকৌ এবাৰ এনডিএ চৰকাৰ গঠন হ’ব। সদ্যঘোষিত বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ  প্ৰদেশ...

পাটনা, ১১ নৱেম্বৰ ঃ বিহাৰত আকৌ এবাৰ এনডিএ চৰকাৰ গঠন হ’ব। সদ্যঘোষিত বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ  প্ৰদেশখনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। আজি পুৱতি নিশা নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মাজ নিশা পৰ্যন্ত  উৎকণ্ঠা অব্যাহত আছিল কোন ৰাজনৈতিক দলে বিহাৰত চৰকাৰ গঠন কৰিব। কিন্তু পিছত স্পষ্ট হৈ পৰে যে এনডিএ আকৌ এবাৰ বিহাৰত চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। পুৱতি নিশা নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে এনডিএ বিধানসভা নিৰ্বাচনত ১২৫খন আসন লাভ কৰিছে। তাৰ বিপৰীতে মহাজোঁটে ১১০খন, এলজিপিয়ে এখন আৰু অন্যান্য দলে ৭খন আসন লাভ কৰিছে।

 পুনৰ এবাৰ এক্সিট প’লৰ সমীক্ষা ভুল বুলি প্ৰমাণ কৰি এনডিএয়ে বিহাৰত চৰকাৰ গঠন কৰিব। এক্সিট প’লৰ সমীক্ষাত মহাজোঁটহে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বুলি দেখুৱাব বিচাৰিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ ওলোটা ফলাফলহে দেখা পোৱা গ’ল বিধানসভা নিৰ্বাচনত। কালি পুৱা ৭ বজাৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা ভোট গণনা আৰম্ভ হোৱাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ মাজত উৎকণ্ঠাৰ অন্ত নাথাকে। কোনটো দলে চৰকাৰ গঠন কৰিব নিশা পৰ্যন্ত স্পষ্ট হোৱা নাছিল। প্ৰথম পৰ্যায়ৰ ভোট গণনাত মহাজোঁট আগবাঢ়ি আছিল যদিও দ্বিতীয় পৰ্যায়ত ভোট গণনাত মহাজোঁট আৰু এনডিএৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা পৰিলক্ষিত হয়।

 কিন্তু তৃতীয় পৰ্যায়ৰ ভোট গণনা আৰম্ভ কৰাৰ লগে লগেই এনডিএ অগ্ৰগতিত থাকে। শেষত এনডিএয়ে সৰ্বাধিক আসন লাভ কৰে বিহাৰ বিধানসভাত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰৰ বিহাৰ বিধানসভা নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰিছে তেজস্বী যাদৱৰ দল ৰাষ্ট্ৰীয় জনতা দল, চমুকৈ আৰজেডিয়ে। আৰজেডিয়ে ৭৫খন আসন লাভ কৰি বিহাৰ বিধানসভা নিৰ্বাচনত সৰ্ববৃহৎ দল ৰূপে পৰিগণিত হয়। আৰজেডিৰ পৰিৱৰ্তে বিজেপিয়ে ৭৪খন আসন লাভ কৰে আৰু জনতা দল (ইউনাইটেড)এ ৪৩খন, কংগ্ৰেছে ১৯খন, চি পি আই (এম-এল) (এল)য়ে ১২খন, হিন্দুস্তানী আৱাম মৰ্চা (ছেকুলাৰ)ই ৪খন, চি পি আই (এম)য়ে ২খন, চিপিআয়ে দুখন, অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীনে ৫খন, বহুজন সমাজ পাৰ্টীয়ে এখন, নিৰ্দলীয়ই এখন, লোক জনশক্তি পাৰ্টীয়ে এখন আৰু বিকাশশীল ইনছান পাৰ্টীয়ে ৪খন আসন লাভ কৰে। 

এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পক্ষত ১৯.৫ শতাংশ ভোট পৰাৰ বিপৰীতে আৰজেডিৰ পক্ষত ২৩.১ শতাংশ, জেডিইউৰ পক্ষত ১৫.৪ শতাংশ, কংগ্ৰেছৰ পক্ষত ৯.৪৮ শতাংশ, অন্যান্যৰ পক্ষত ১৮.৮ শতাংশ, বি এছ পিৰ পক্ষত ১.৫ শতাংশ, ন’টাৰ পক্ষত ১.৬৮ শতাংশ ভোট পৰে।  বিহাৰত এনডিএয়ে সংখ্যাগৰষ্ঠিতা লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে আন বিজেপি নেতাসকলে বিহাৰবাসীক তেওঁলোকক আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ জনায়।

No comments