গণ বার্তা লেখাপানী, ১১ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক অধিবেশন কেইদিনমান পূৰ্বে অনুস্থিত হয়...
গণ বার্তা লেখাপানী, ১১ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক অধিবেশন কেইদিনমান পূৰ্বে অনুস্থিত হয় । উক্ত অধিবেশনতেই তিনিচুকীয়া জিলাৰ এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয় । জিলা দশম সমিতিখনৰ সভাপতি নুৰুল আমিন , উপসভাপতি ক্ৰমে হেমন্ত বৰুৱা, বিধি প্ৰসাদ শৰ্মা, লক বাহাদুৰ ছেত্ৰী , সম্পাদক ৰুবুল ফুকন, সহসম্পাদক ক্ৰমে অজিত গগৈ, শান্তনু দিহিঙীয়া, চন্দ্ৰকান্ত হাজৰিকা, কাৰ্য্যালয়ৰ সম্পাদক ৰমেন বৰবৰা, বিত্ত সম্পাদক ৰঞ্জিত দত্ত, সাংগঠনিক সম্পাদক পুলেন মৰাণ, বিমল গগৈ, ভাইকন আৰন্ধৰা, প্ৰচাৰ সম্পাদক অপু ৰাজকুমাৰ, হিচাব পৰীক্ষক মোহন শৰ্মা, উপদেষ্টা ক্ৰমে পূণ্য ৰাজখোৱা , মঞ্জিত মৰাণ, হাইদৰ আলি আৰু অকণ বৰুৱা সমিতিখনৰ দায়িত্ব অৰ্পণ কৰে । সভাখনত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অভাৱ অভিযোগ সমুহ পূৰণ কৰি নিয়াৰিকৈ চলাই লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশেষ আলোচনা আগবঢ়াই । লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰশিক্ষণ আৰু কেঁচা পাতৰ মূল্যৰ ওপৰতো বিশেষ পদক্ষেপ হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ( লেখাপানীৰ পৰা শৰৎ গগৈ )
No comments