Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে বিজেপিঃ উচ্চ সদনত আসনৰ সংখ্যা ৯২ খনলৈ বৃদ্ধি

নতুন দিল্লী, ৩ নৱেম্বৰ : ৰাজ্যসভাৰ ১১খন আসনৰ নিৰ্বাচনত বিজেপিয়ে ৯খনত জয়লাভ কৰি উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সোমবাৰে উ...

নতুন দিল্লী, ৩ নৱেম্বৰ : ৰাজ্যসভাৰ ১১খন আসনৰ নিৰ্বাচনত বিজেপিয়ে ৯খনত জয়লাভ কৰি উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সোমবাৰে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ১১খন ৰাজ্যসভা আসনৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত শাসনাধিষ্ঠিত দল বিজেপিয়ে ৯খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীয়ে এখনকৈ আসন লাভ কৰে। উল্লেখ্য যে বিজেপিয়ে জয়লাভ কৰা ৯খন ৰাজ্যসভা আসনৰ ভিতৰত ৮খন উত্তৰ প্ৰদেশৰ আৰু এখন উত্তৰাখণ্ডৰ। ৯খন ৰাজ্যসভাৰ আসনত জয়লাভ কৰি প্ৰথমবাৰলৈ বিজেপিয়ে উচ্চ সদনত আসনৰ সংখ্যা ৯২খনলৈ বৃদ্ধি পাইছে।

 বিজেপিয়ে উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আৰু প্ৰয়োজন কেৱল  ৩১খন আসনৰ। উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ মুঠ ২৪৫খন আসনৰ ভিতৰত প্ৰয়োজন ১২৩খন আসনৰ। বিজেপিয়ে উচ্চ সদনত ৯২খন আসন লাভ কৰিছে। আনহাতে কংগ্ৰেছৰ আসনৰ সংখ্যা হ্ৰাস পাইছে। উচ্চ সদনত কংগ্ৰেছৰ ৪০খন আসনৰ পৰা হ্ৰাস পাই ৩৮খন হৈছেগৈ। প্ৰথমবাৰলৈ মূল বিৰোধী দল কংগ্ৰেছৰ উচ্চ সদনৰ আসনৰ সংখ্যা ৩৮খনলৈ হ্ৰাস পাইছে। উল্লেখ্য যে ৰাজ্যসভাত ১১জন সাংসদে ২৫ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। এই ১১জন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত ১০জন উত্তৰ প্ৰদেশৰ আৰু এজন উত্তৰাখণ্ডৰ। 

No comments