Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আগন্তুক নিৰ্বাচনত শূণ্য হ’ব অগপৰ আসনঃ অগপৰ বিৰুদ্ধে সৰৱ বিধায়ক পবিন্দ্ৰ ডেকাৰ বিস্ফোৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ নৱেম্বৰ ঃ আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ দিন চমু ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ নৱেম্বৰ ঃ আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যিধৰণে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনীক তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে তাৰ সমান্তৰালকৈ দলৰ ভিতৰচ’ৰাত সংঘাতৰ সৃষ্টি হৈছে। বিশেষকৈ আঞ্চলিক দল অসম গণ পৰিষদৰ ভিতৰচ’ৰাত ক্ষমতাকেন্দ্ৰিক সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আঞ্চলিক দল অগপত এতিয়া দুটা শিবিৰৰ সৃষ্টি হৈছে। ক্ষমতাকেন্দ্ৰিক অৰিয়া-অৰিয়ে দলটোৰ ভিতৰচ’ৰাত তোলপাৰ লাগি আছে। সেই বাবেই দলটোৰ একাংশ নেতাই এতিয়া মুকলিকৈ অগপৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰাৰ পৰা তিলমানো সংকোচ কৰা নাই। 

এনে সংঘাতৰ মাজতেই পুনৰবাৰ পাটাছাৰকুছি সমষ্টিৰ অগপৰ বিধায়ক তথা জ্যেষ্ঠ নেতা পবিন্দ্ৰ ডেকাই সংবাদ মাধ্যমৰ আগত মুকলিকৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে।  অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত অগপৰ আসনৰ সংখ্যা শূন্য হ’বগৈ। দলৰ নেতাই দলটোৰ বিৰুদ্ধে চলি থকা অৰিয়া-অৰিৰ কথা সময়ে সময়ে প্ৰকাশ কৰি অহাৰ সময়তে পবিন্দ্ৰ ডেকাই  কৰা এই মন্তব্যই এতিয়া স্পষ্ট কৰিছে যে দলৰ ভিতৰতচ’ৰা নিয়াৰিকৈ চলি থকা নাই। দলৰ ভিতৰচ’ৰাত সংঘাত চলি আছে।

 তেওঁ কয় অগপৰ নীতি-আদৰ্শহীন দললৈ পৰ্যৱসিত হৈছে। তেওঁ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত কোন দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ৰাজহুৱা কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তেওঁ কয় ‘কা’বিৰোধী স্থিতি লৈ পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখ্য যে এই পৰ্যন্ত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়কৰূপে নিৰ্বাচিত হোৱা পবিন্দ্ৰ ডেকাই  কয়, সমষ্টিবাসীৰ সৈতে আলোচনা কৰিহে তেওঁ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁ লগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰো পতন ঘটিব।

No comments