Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

স্পেনিছ লা লীগাত ৰিয়েল মাদ্ৰিডৰ বিৰুদ্ধে ভালেন্সিয়াৰ জয়

মাদ্ৰিড, ১০ নৱেম্বৰঃ কোৰোনা মহামাৰীৰ মাজত চলি থকা স্পেনিছ লা লীগাৰ দেওবাৰৰ নিশাৰ এখন মেচত ভালেন্সিয়াই জয় লাভ কৰিছে। ভালেন্সিয়াই মেচখনত প্ৰতি...

মাদ্ৰিড, ১০ নৱেম্বৰঃ কোৰোনা মহামাৰীৰ মাজত চলি থকা স্পেনিছ লা লীগাৰ দেওবাৰৰ নিশাৰ এখন মেচত ভালেন্সিয়াই জয় লাভ কৰিছে। ভালেন্সিয়াই মেচখনত প্ৰতিদ্বন্দ্বী ৰিয়েল মাদ্ৰিডক ৪-১গ’লৰ ব্যৱধানত পৰাস্ত কৰিছে। মেচখনত ভালেন্সিয়াক জয়ী কৰোৱাত মূল ভূমিকা বহন কৰে কাৰ্লছ ছুলেৰে। তেওঁ দিয়া হেট্ৰিক গ’লৰ সহায়ত মেচখনত ভালেন্সিয়াই জয় লাভ কৰে। কাৰ্লছে মেচখনত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি ৩৫ মিনিট প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে ৫৪ মিনিটত দ্বিতীয় আৰু ৬৩ মিনিটত তৃতীয়টো গ’ল দিয়ে। আনহাতে দলটোৰ হৈ আনটো গ’ল ভাৰণেয়ে ৪৩ মিনিটত দিয়ে। ৰয়েল মাদ্ৰিডৰ হৈ মেচখনত একমাত্ৰ গ’লটো বেনজিমানে দিয়ে। পইণ্ট তালিকাত ভালেন্সিয়া নৱম স্থানত থকাৰ বিপৰীতে ৰিয়েল মাদ্ৰিড চতুৰ্থ স্থানত আছে।

No comments