গ গণবাৰ্তা বিশেষ, যোৰহাট, ১৮ নৱেম্বৰ : শিল্পী জুবিন গাৰ্গৰ ৪৮ তম জন্ম দিন যোৰহাটৰ একাধিক অনুষ্ঠানে বিভিন্ন কায্যসূচীৰে আয়োজন কৰে। ১ নং স...
গগণবাৰ্তা বিশেষ, যোৰহাট, ১৮ নৱেম্বৰ : শিল্পী জুবিন গাৰ্গৰ ৪৮ তম জন্ম দিন যোৰহাটৰ একাধিক অনুষ্ঠানে বিভিন্ন কায্যসূচীৰে আয়োজন কৰে। ১ নং সোনাৰী গাওঁৰ জুবিন অনুৰাগী যুৱক যুৱতী সকলে অঞ্চলটোত এক বৃক্ষ ৰোপন কাৰ্য্যসুচী ৰূপায়ন কৰে| নিউজ লাইভৰ যোৰহাটৰ সাংবাদিক প্ৰদীপ বৰাৰ বাসগৃহৰ চৌহদত আনুষ্ঠানিক ভাৱে বৃক্ষৰোপন কাৰ্য্যসুচী আৰম্ভ কৰি অঞ্চলটোৰ বিভিন্ন অনুস্থান আৰু বাসগৃহৰ চৌহদত বৃক্ষৰোপন কৰে| আনহাতে বিশেষ জুবিন গাৰ্গৰ চিত্ৰ অংকন প্ৰতিযোগিতা ২০২০ জিলা পুথিভঁৰাল চৌহদত সফল ভাৱে সামৰনি পৰে। সামাজিক সাংস্কৃতিক অনুষ্ঠান দা ইভেন্টৰ উদ্যোগত, সভাপতি সমীৰ ৰয়ৰ সামগ্ৰিক পৰিকল্পনা, আয়োজিত অনুষ্ঠানত উপস্থিত বহু সংখ্যক জুবিন প্ৰেমী, ছাত্ৰ ছাত্ৰীৰ লগতে মুখ্য অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক নিউজ লাইভৰ ব্যুৰো চীফ প্ৰদীপ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিশেষ কৰ্তব্য ৰক্ষী বিষয়া,সমাজ সেৱিকা বৰ্ণালী শইকীয়া বৰা,সমৰ কলাবিদ বাসৱৰাজ নেওগ,জিলা গ্ৰন্হাগাৰিক সুবোধ চন্দ্ৰ শৰ্মা, বিশিষ্ট অধিবক্তা,সমাজ সেৱক সুদীপ্ত নয়ন গোস্বামী,সমাজ সেৱক, প্ৰজ্ঞা সাৰথিৰ উপদেষ্টা ৰফিক হুছেইন, উদীয়মান ব্যৱসায়ী ৱাকিল আহমেদ, প্ৰজ্ঞা সাৰথিৰ সমন্বয়ক দিগন্ত বৰুৱা আদি বহু কেইজন ব্যক্তি উপস্থিত থাকে। প্ৰায় ৫১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাজৃ জুবিন গাৰ্গৰ চিত্ৰ অংকন প্ৰতিযোগিতা ২০২০ দ্বিতীয় আৰু চূড়ান্ত পৰ্য্যায়ৰ ফলাফল সমূহ আছিল এনেধৰণৰ
ক শাখাত প্ৰথম অবিনাশ শইকীয়া, দ্বিতীয় ইৰফান ফাৰহাদ আহমেদ আৰু অলিম্পিয়া বৰা, তৃতীয় শ্যামলিকা গুনগুন আৰু হেনা কৌচাৰ, চতুৰ্থ আফ্ৰিডি চাজ্জাদ ৰহমান আৰু ঋষিঅন্যা দত্ত।পঞ্চম সাগৰমনি তেতিয়া, ষষ্ঠ তাচৰিন আহমেদ। খ শাখাত প্ৰথম বিদ্যাশ্ৰী কৈৰী, দ্বিতীয় অৰ্পিতা বৰদলৈ আৰু ৰিজৱানা য়াচমিন, তৃতীয় চেহনাজ বেগম আৰু চাৰিহা অঞ্জুম খান।ভিতৰত মনিকুমাৰে সঞ্চালনা কৰা অনুষ্ঠানটিত সহযোগিতা আগবঢ়ালে সামাজিক শৈক্ষিক অনুষ্ঠান প্ৰজ্ঞা সাৰথি,স্বয়ম,ষ্টুডেন্ট হেল্পলাইন।বিচাৰকৰ ভূমিকা পালন কৰে আবুল কালামে। ব্যৱস্থাপনা আছিল শচীন বৰা আৰু কাকু বৰদলৈ। আনহাতে জুবিন ফেন ক্লাৱৰ দ্বাৰা যোৰহাটৰ জয়াভৱনত বিয়লি অনুস্থিত হয় এক সাংস্কৃতিক অনুস্থান| ইয়াৰ পূৰ্বে ফেন ক্লাৱে আৰ্তজনৰ সহায়ৰ মহান উদ্দেশ্য আগত ৰাখি জিলা খনৰ বিভিন্ন জন দৰিদ্ৰ ব্যক্তিক একোখনকৈ কম্বল উপহাৰ দিয়ে|
No comments