Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাঁৱত অগপৰ বেলি মাৰ যাব নেকি?

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ নৱেম্বৰ ঃ ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ (অগপ)ৰ অৱস্থা এতিয়া থৰক্‌-বৰক্‌। এসময়ত অগপৰ শক্তিশালী ...

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ নৱেম্বৰ ঃ ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ (অগপ)ৰ অৱস্থা এতিয়া থৰক্‌-বৰক্‌। এসময়ত অগপৰ শক্তিশালী দুৰ্গ হিচাপে চিহ্নিত নগাঁও জিলাত এতিয়া দলটোৰ অৱস্থা অতি পুতৌজনক। জিলাখনৰ আঠটা বিধানসভা সমষ্টি ক্ৰমে কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, নগাঁও সদৰ, ৰূপহীহাট, বটদ্ৰৱা, ৰহা, ধিং বিধানসভা সমষ্টিৰ ভিতৰত কলিয়াবৰতহে সাংগঠনিক ভেটি শক্তিশালী। বিগত পঞ্চায়ত নিৰ্বাচনত কলিয়াবৰত বিজেপিৰ উত্থান লক্ষণীয় আছিল। পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ চাৰিটা জিলা পৰিষদ সমষ্টিতে অগপৰ প্ৰাৰ্থী পৰাস্ত হৈছিল। উল্লেখ্য যে ১৯৮৫ চনত অগপই কলিয়াবৰ, বঢ়মপুৰ, নগাঁও সদৰ, বটদ্ৰৱা, ৰহা সমষ্টিত অগপ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। সেইবাৰ নগাঁও সদৰ সমষ্টিৰ পৰা অগপ প্ৰাৰ্থী হিচাবে নিৰ্বাচিত হৈ প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈছিল।

 ১৯৮৬ চনৰ নিৰ্বাচনত জিলাখনৰ আঠটা সমষ্টিৰ ভিতৰত ছটা সমষ্টি ক্ৰমে নগাঁও সদৰ, ৰহা, বটদ্ৰৱা, বঢ়মপুৰ, চামগুৰি, কলিয়াবৰত অগপ প্ৰাৰ্থী জয়ী হৈছিল । তদুপৰি সেইবাৰ নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী জয়ী হৈছিল। সেইবাৰো বঢ়মপুৰৰ পৰা নিৰ্বাচিত হৈ প্ৰফুল্ল কুমাৰ মহন্ত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ২০০৬ চনত সংখ্যালঘু অধ্যুষিত সমষ্টি ৰূপহীহাটত অগপ প্ৰাৰ্থী জয়ী হৈছিল । সেই দিশৰ পৰা চালে নগাঁৱত কিছুদিন আগলৈকে অগপৰ স্থিতি যথেষ্ট শক্তিশালী আছিল। অগপ নেতৃত্বৰ খোৱা-কামোৰা, দলীয় কন্দল আদি অনেক কাৰণত জিলাখনত অগপৰ সাংগঠনিক স্থিতি সম্প্ৰতি যথেষ্ট দুৰ্বল হৈ পৰিছে। ২০২১ৰ নিৰ্বাচনলৈ মাজত মাথোঁ চাৰিটা মাহ বাকী থকা অৱস্থাত জিলাখনত অগপৰ কোনো সাংগঠনিক তৎপৰতা পৰিলক্ষিত হোৱা নাই। বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ, নতুনকৈ গঠিত অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিয়ে অহাবৰ্ষৰ এপ্ৰিল মাহত হ’ব লগা নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী অভিযান অব্যাহত ৰখাৰ বিপৰীতে অগপ একেবাৰে নিস্তেজ।

 আনকি জিলা অগপ কাৰ্যালয়তো নেতা-কৰ্মীৰ ভিৰ নাই। জিলা অগপ কাৰ্যালয়ত এতিয়া নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল- জিলাখনৰ পৰা অসম মন্ত্ৰীসভাত স্থান লাভ কৰা জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই চৰকাৰী কাম-কাজত প্ৰায়েই নগাঁৱলৈ আহে যদিও অগপৰ জিলা কাৰ্যালয়ত তেওঁ ভুমুকি নেমাৰে বুলি জিলা অগপৰ নেতা-কৰ্মীসকলেও অভিযোগ কৰি আহিছে । ইপিনে কেতিয়াবা চৰকাৰী কামত অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাও নগাঁৱলৈ আহে যদিও তেওঁ জিলাখনৰ অগপ নেতা-কৰ্মীৰ কোনো খবৰ নলয় বুলিও অভিযোগ উঠিছে। 

যাৰ বাবে জিলাখনৰ দলীয় নেতা-কৰ্মীসকল হতাশাত ভুগিব লগা হৈছে। জিলাখনত প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্ত, গুণীন হাজৰিকা, গিৰীন্দ্ৰ কুমাৰ বৰুৱা, উমেশ দাসৰ দৰে শক্তিশালী নেতা থকাৰ পিছতো অগপৰ দুৰ্বল স্থিতিয়ে আঞ্চলিকতাবাদী শিবিৰক চিন্তিত কৰি তুলিছে। অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল- নগাঁও জিলা অগপ সমিতিখন বৰ্তমান নি¿©ক্ৰয় হৈ আছে । সমিতিখন কি কাৰণত নি¿©ক্ৰয় হৈ আছে সেয়া দলীয় কৰ্মীসকলে কোনো উৱাদিহ পোৱা নাই। সচেতন মহলে আশংকা প্ৰকাশ কৰিছে যে এইবাৰ জিলাখনত অগপ বেলি মাৰ যোৱাৰ পথত অগ্ৰসৰ হ’ব নেকিহ্ল !

No comments