প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ৯ নৱেম্বৰঃ ক্ৰমাৎ যেন হ্ৰাস পাব ধৰিছে বনাঞ্চল । বনাঞ্চলৰ বহু পহু, পক্ষী ধাৱমান হৈছে জনাঞ্চললৈ । তেনে এক দৃশ্যই পৰিস্...
প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ৯ নৱেম্বৰঃ ক্ৰমাৎ যেন হ্ৰাস পাব ধৰিছে বনাঞ্চল । বনাঞ্চলৰ বহু পহু, পক্ষী ধাৱমান হৈছে জনাঞ্চললৈ । তেনে এক দৃশ্যই পৰিস্ফুত হৈছে মৰাণৰ সমীপৰ খোৱাঙৰ এখন গাঁৱত । শামুক ভঙা চৰাই হিচাপে পৰিচিত শ শ চৰাইয়ে এতিয়া বংশ বৃদ্ধি বাবে বাছি লৈছে খোৱাং সোনোৱাল গাঁৱক । গাওঁখনৰ আম, চটিয়ানা আদি ওখ গছবিলাক আশ্ৰয় স্থল হিচাপে বাছি লৈছে এই শামুক ভঙা চৰাই বিধে । গছৰ বিলাকত সাজি লৈছে শ শ বাহ আৰু দূৰ-দূৰণিৰ বহু চৰাই আহি বংশ বৃদ্ধি কৰিছে গাওঁখনৰ এই গছবিলাকত । স্থানীয় লোকে জানিবলৈ দিয়া মতে চৰাইবিধ বহাগৰ আগে আগে গাওঁখনলৈ আহে আৰু খৰালি সোমোৱাৰ লগে লগে বেলেগলৈ উৰা মাৰে । চৰাইবিধৰ পৰা ৰাইজৰ কোনো অসুবিধা নহয় বুলি জানিবলৈ দিছে । খোৱাং সোনোৱাল গাঁৱৰ ৰাইজেও এই চৰাই বিলাকক অতি মৰমে ৰাখিছে । অৱশ্যে দুই এটা পোৱালি বাহৰ পৰা পৰি মৃত্যু মুখতো পৰিছে বুলি স্থানীয় ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে । যিটো সময়ত গছ-গছনি, জীৱ-জন্তু আৰু পক্ষীকুলৰ ওপৰত জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ বাঢ়িব ধৰিছে, সেই সময়তে খোৱাঙৰ এইখন গাঁৱৰ ৰাইজে পক্ষীকুলৰ সৈতে সহাৱস্থান কৰি দেখুৱাইছে এক সুন্দৰ নিদৰ্শন । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ )
No comments