Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহাৰত বিজেপি বিধায়কৰ সমৰ্থকে ভাঙিলে মছজিদঃ ধবংস কৰিলে আজান দিয়া মাইক

পাটনা, ১৫ নৱেম্বৰ ঃ বিহাৰত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ হোৱাৰ পিছতেই সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। বিজেপি বিধায়কৰ সমৰ্থকে নামাজ পঢ়ি থকাৰ অৱস...

পাটনা, ১৫ নৱেম্বৰ ঃ বিহাৰত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ হোৱাৰ পিছতেই সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। বিজেপি বিধায়কৰ সমৰ্থকে নামাজ পঢ়ি থকাৰ অৱস্থাত নামাজিৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে মছজিদ লণ্ডভণ্ড কৰে। ঘটনাটো সংঘটিত হৈছে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত। নামাজৰ সময়ত বিজেপি বিধায়কৰ বিজয়ী সমদল উলিওৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বাবেই বিজেপি কৰ্মীসকলে মছজিদ ভঙাৰ লগতে আজান দিয়া মাইক ধবংস কৰে। যোৱা ১৩ নৱেম্বৰত সংঘটিত এই ভয়াৱহ ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত উত্তেজনা অব্যাহত আছে। জানিব পৰা মতে, বিহাৰৰ ঢাকা বিধানসভা সমষ্টিত সদ্য ঘোষিত ফলাফলত আৰ জে ডিৰ প্ৰাৰ্থী ফয়জল ৰহমানক বিজেপি প্ৰাৰ্থী পৱন কুমাৰ জয়ছোৱালে পৰাস্ত কৰে।

 বিজেপিৰ বিধায়াকগৰাকীৰ এই বিজয়ৰ পিছতেই বিজেপিৰ সমৰ্থসকলে যোৱা ১৩ নৱেম্বৰত এক বৃহৎ সমদল উলিয়াইছিল। পশ্চিম চম্পাৰণ অঞ্চলৰ এটা মছজিদৰ সন্মুখেৰে বিজেপি বিধায়কৰ সমৰ্থসকলে জয়ধবনি দি সমদল উলিয়াইছিল। উক্ত সময়ত মছজিদৰ ভিতৰত নামাজ পঢ়ি আছিল। একাংশ লোকে নামাজৰ সময়ত সমদলক হৈ-চৈ নকৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু বিজেপিৰ সমৰ্থসকল উত্তেজিত হৈ মছজিদত আক্ৰমণ চলায়। মছজিদৰ ভিতৰত শিলগুটি নিক্ষেপ কৰি মছজিদৰ ক্ষতি কৰে। আনকি আজান দিয়া মাইকো বিজেপিৰ সমৰ্থকসকলে লণ্ডভণ্ড কৰে। জয়শ্ৰীৰাম ধবনিৰে অঞ্চলটো উত্তপ্ত কৰি তোলে বিজেপিৰ সমৰ্থসকলে। কেৱল এয়াই নহয়, মছজিদৰ গে’ট, খিৰিকী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভিতৰত থকা সামগ্ৰীসমূহ ক্ষতি কৰে। বিজেপিৰ এনে বিজয়ৰ পিছতেই বিহাৰত এনেদৰে মছজিদৰ ওপৰত চলোৱা আক্ৰমণে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

No comments