Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৪৫০৭ গৰাকী শিক্ষাৰ্থীলৈ ৰাজসাহায্যৰ পুঁজি ঃ ৰাজ্যখনৰ সৰ্বমুঠ ৫২ লাখ শিক্ষাৰ্থী উপকৃত হৈছে : মুখ্যমন্ত্ৰী

 গুৱাহাটী, ৭ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আয়োজিত এক অন...


 গুৱাহাটী, ৭ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আয়োজিত এক অনুষ্ঠানত ‘অভিনন্দন’ আঁচনিৰ অধীনত শিক্ষা ঋণৰ ৰাজসাহায্যৰ বাবে মঞ্জুৰ কৰা হিতাধিকাৰীসকললৈ আনুষ্ঠানিকভাৱে অনুমোদন-পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে এই আঁচনিৰ অধীনত শৈক্ষিক ঋণ গ্ৰহণ কৰা শিক্ষাৰ্থীসকললৈ ৫০ হাজাৰ টকা পৰ্যন্ত এককালীন ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে। আঁচনিখনৰ অধীনত ২০১৯ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত ১,৫৪৫ গৰাকী শিক্ষাৰ্থীয়ে এই ৰাজসাহায্য লাভ কৰাৰ উপৰি আজি ৪,৫০৭ গৰাকী শিক্ষাৰ্থীলৈ এই ৰাজসাহায্যৰ পুঁজি তেওঁলোকৰ ঋণ একাউণ্টলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হয়। এই আঁচনিখনৰ অধীনত এতিয়ালৈকে সৰ্বমুঠ ৬,০৫২ গৰাকী শৈক্ষিক ঋণ লাভ কৰা শিক্ষাৰ্থী উপকৃত হৈছে। 

আজি এই প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বমুঠ ২২ কোটি টকা শিক্ষাৰ্থীসকলৰ ঋণ একাউণ্টলৈ হস্তান্তৰিত হ’ব। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অভিনন্দন তথা অন্যান্য বহুসংখ্যক আঁচনিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰে প্ৰদান কৰা এই সা-সুবিধাৰ সদ্ব্যৱহাৰ কৰি নিজকে দক্ষ, যোগ্য মানৱ সম্পদ হিচাপে ৰাষ্ট্ৰৰ লগতে বিশ্বৰ বুকুত উজলি উঠিব লাগিব। ২০১৬ চনত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা শিক্ষা তথা বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুসংখ্যক ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি বৰ্তমানলৈকে বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যখনৰ ৫২ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে বুলিও তেওঁ কয়।

 আৰ্থিক সমস্যাৰ বাবে কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত নহয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ‘অভিনন্দন’ আঁচনি, বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম, শৈক্ষিক জলপানি, হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেছ ডিউজৰ ধন প্ৰদান ইত্যাদিৰ দৰে পদক্ষেপ লৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰমেৰে জীৱন গঢ়াৰ কামত আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে চৰকাৰ, পিতৃ-মাতৃ তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক জীৱন গঢ়াৰ যাত্ৰাত সন্মিলিতভাৱে সহযোগ কৰিলে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীয়ে কেৱল ভাৰতবৰ্ষৰ বুকুতেই নহয়, বিশ্বৰ বুকুতো জিলিকি উঠিবলৈ সক্ষম হ’ব বুলিও কয়। 

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালাম আৰু অসমৰ মহান মনীষী আনন্দৰাম বৰুৱাই কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েৰে লাভ কৰা সফলতাৰ বিষয়ে আঙুলিয়াই দিয়ে। সততা আৰু নিষ্ঠাৰে এই মহান মনীষীসকলে নিজৰ জীৱনত লোৱা পদক্ষেপৰ বাবেই তেওঁলোকে সফলতাৰ অনন্য নিদৰ্শন দাঙি ধৰিব পাৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসমৰ নৱপ্ৰজন্মৰ স্বাৰ্থ সুৰক্ষিতকৰণৰ বাবে বৰ্তমানৰ চৰকাৰে ৰাজ্যখনত নতুনকৈ ৮খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পদক্ষেপ, ৯খন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ পদক্ষেপ, ৩২খন পলিটেকনিক, মঙলদৈত স্কিল ইউনিভাৰছিটী, মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়, চাবুৱাত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, চাংসাৰিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গোগামুখত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠান, যোৰহাটত নেচনেল ইনষ্টিটিউট অৱ ডিজাইন ইত্যাদিৰ লেখীয়া বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। 

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক আছিয়ান আৰু বিবিএন দেশসমূহৰ ৮০ কোটি জনসাধাৰণৰ মাজত প্ৰভুত্ব বিস্তাৰ কৰাৰ বাবে নিজৰ দক্ষতা, যোগ্যতা বৃদ্ধিৰে উপযুক্ত মানৱ সম্পদ হিচাপে পৰিগণিত হোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক অতিকমেও ১২ ঘণ্টাকৈ কঠোৰ অধ্যয়নত ব্ৰতী হৈ জ্ঞান অন্বেষণৰ যাত্ৰাত সবলভাৱে আগুৱাই যাবলৈও আহ্বান জনায়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক ক’ভিড-১৯ প্ৰট’কল সম্পূৰ্ণভাৱে মানি চলি নিজৰ স্বাস্থ্য অটুট ৰখাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিM, স্বাস্থ্য, শিক্ষা ইত্যাদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিগত চাৰে চাৰি বছৰত শিক্ষাজগতত এক অৰ্থৱহ আৰু ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত নিষ্ঠা সহকাৰে প্ৰয়াস চলাইছে বুলি কয়।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি যোগান ইত্যাদিৰ দৰে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত বহু দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শৈক্ষিক প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি কয়। ভাষণ প্ৰসংগত তেওঁ এই বছৰ স্নাতকোত্তৰ আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি ক্ৰয়ৰ বাবে তেওঁলোকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ক্ৰমে ২ হাজাৰ আৰু ১,৫০০ টকা হস্তান্তৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে বুলি কয়। তদুপৰি বিগত বৰ্ষত আৰম্ভ কৰা ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসত থকা ছাত্ৰ-ছাত্ৰীলৈ মেছ ডিউজ প্ৰদানৰ ধন বৰ্তমানৰ ৭৫০ টকাৰ পৰা ১ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে বুলি তেওঁ কয়। 

ক’ভিড-১৯ৰ এই জটিল সময়তো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰতে লেপটপ ক্ৰয়ৰ বাবে মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰত্যক্ষ হস্তান্তৰৰ জৰিয়তে ২০ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি এই বছৰৰ ডিচেম্বৰ মাহত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ছাত্ৰীসকললৈ একোখনকৈ স্কুটী প্ৰদান কৰা হ’ব বুলি তেওঁ কয়।  বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত উচ্চ শিক্ষাৰ বহুতো প্ৰতিষ্ঠান গঢ়ি উঠিছে বুলি উল্লেখ কৰি ২০০৬ চনত ৰাজ্যখনৰ মাত্ৰ ৩৫০খন চিকিৎসা-বিজ্ঞানৰ আসন বৰ্তমানৰ চৰকাৰৰ দিনত ১ হাজাৰখনলৈ বৃদ্ধি হৈছে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকললৈ বেংক একাউণ্টৰ জৰিয়তে প্ৰত্যক্ষভাৱে আঁচনিৰ ধন প্ৰদানৰ দিশত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হৈছে বুলি কয়। 

মন্ত্ৰীগৰাকীয়ে অহা ২২ নৱেম্বৰত ৰাজ্যখনৰ ২২ লাখ পৰিয়াল উপকৃত হ’ব পৰাকৈ অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব বুলি কয়। ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত অসমৰ বাহিৰত থকা ৰাজ্যখনৰ লোকসকলৰ সকাহৰ বাবে ২,০০০ টকাকৈ দুটা কিস্তিৰ সাহায্য তেওঁলোকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে প্ৰদান কৰিছে বুলি উল্লেখ কৰি পুনৰ ২,০০০ টকাৰ তৃতীয় কিস্তিৰ ধন ৰাজ্য চৰকাৰে প্ৰদানৰ বাবে সিদ্ধান্ত লৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে এই বছৰৰ পৰা ‘অভিনন্দন’ আঁচনিখন নিয়মীয়া আঁচনিলৈ ৰূপান্তৰিত হ’ব বুলিও কয়। 

বিত্ত, স্বাস্থ্য ইত্যাদি বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাই আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূবৰ মুখ্য মহাপ্ৰবন্ধক আৰ এছ ৰমেশেও আঁচনিখনৰ বিষয়বস্তু আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কৰ বিভাগৰ আয়ুক্ত অনুৰাগ গোৱেল, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক, ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰবন্ধক সুৰঞ্জনা দত্তকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থকাৰ লগতে শিক্ষাৰ্থী তথা অভিভাৱকসকল উপস্থিত থাকে। 

No comments