ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসা ধীন । তেওঁৰ অৱস্থা সংকট জনক বুলি...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসা ধীন । তেওঁৰ অৱস্থা সংকট জনক বুলি জানিব পাৰি তেওঁৰ আশুআৰোগ্য কামনাৰে আজি যোৰহাটৰ গোহাঁইটেকেলা গাঁৱত সম্প্ৰীতি মহিলা সংঘই এক দোৱাৰ অনুষ্ঠান অনুষ্ঠিত কৰি দোৱা কৰে। সম্প্ৰীতি মহিলা সংঘৰ সভানেত্ৰী আৰেছা বেগমৰ নেতৃত্বত আজি বেগমৰ ঘৰতে এই দোৱাৰ অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোনকালে আৰোগ্য হৈ ৰাইজৰ মাজলৈ অহাৰ কামনাৰে আল্লাৰ ওচৰত দোৱা কৰা বুলি সম্প্ৰীতি মহিলা সংঘৰ মহিলা সকলে উল্লেখ কৰে । এই দোৱাৰ অনুষ্ঠানত মহিলা সংঘৰ চামিম ৰফিকা ৰহমান, আফৰুজা বেগম, চামীমা ফাৰহানা, জাৰজিনা হাজৰিকা , আফতাৰা বেগম আৰু ৱাহিদা বেগমে অংশগ্ৰহণ কৰে ।
No comments