Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ পানীচকুৱাত ৰাইজৰ দলৰ সভা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৩ নৱেম্বৰ :  দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত যোৰহাট জিলাৰ পানীচকুৱাৰ সমীপৱৰ্তী আমতলত বিহস্পতিবাৰে  ৰাইজৰ দলৰ সমষ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৩ নৱেম্বৰ :  দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত যোৰহাট জিলাৰ পানীচকুৱাৰ সমীপৱৰ্তী আমতলত বিহস্পতিবাৰে  ৰাইজৰ দলৰ সমষ্টি সমিতিৰ এখন কাৰ্য্যনিব্বাহক  সভা অনুষ্ঠিত হয় । সেই সভাত ৰাইজৰ দলৰ সমষ্টি সমিতিৰ কাৰ্যালয় মুকলি কৰা হয় । অনুষ্ঠানটোত  নৱগঠিত দলটোৰ ৰাজ্যিক আহ্বায়ক প্ৰবীন দাস, গোলাঘাট জিলাৰ আহ্বায়ক নৃপেন দত্ত,  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ  গোলাঘাট জিলা সমিতিৰ উপ সভাপতি বিপ্লৱ বৰা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপক ৰবিদাস, আদি  অন্যান্য নেতা কৰ্মী উপস্থিত থাকে । গোলাঘাট জিলাৰ ৰাইজৰ দলৰ মুখ্য আহ্বায়ক নৃপেন দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত দেৰগাঁও সমষ্টি সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিতিত বিভিন্ন দলৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ৷ । উক্ত সভাত প্ৰবীন দাসে বৰ্তমানৰ অ গপ-বিজেপি  চৰকাৰৰ লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ অকৰ্মন্য বিধায়কৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাক সমালোচনা কৰি আগন্তুক নিৰ্বাচনত আঞ্চলিকতাবাদী দলৰ ঐক্যবদ্ধ শক্তিৰ সন্মুখত যে মুখঠেকেছা খাব এই কথা স্পষ্টকৈ দাঙি ধৰে । সভাত নৃপেন দত্তই  দলৰ পৰৱৰ্তী কাৰ্যক্ৰমনিকাৰ বিষয়ে ৰাইজক অৱগত কৰি ৰাইজৰ দলত ৰাইজৰ যোগদান কাৰ্যসূচী চলাই নিয়ে । বিভিন্ন সংগঠনৰ বহু লোকে নতুন দলটিক আঁকোৱালি লোৱাটো দলটোৰ বাবে এক শুভ লক্ষণ বুলি দেৰগাঁও সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰাই জানিবলৈ দিয়ে ।

No comments