Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিৰ্বাপিত হোৱাৰ দিশে বাঘজানৰ অভিশপ্ত জুই, ৮ জনীয়া বিদেশী বিশেষজ্ঞ দলৰ সফলতা

গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৫ নৱেম্বৰঃ  পোহৰৰ উৎসৱ দিপাৱলীৰ মাজতেই তিনিচুকীয়া বাসীৰ বাবে ভাল খবৰ৷ অৱশেষত নিৰ্বাপিত হোৱাৰ দিশত বাঘজানৰ জুই৷ কানা...


গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৫ নৱেম্বৰঃ  পোহৰৰ উৎসৱ দিপাৱলীৰ মাজতেই তিনিচুকীয়া বাসীৰ বাবে ভাল খবৰ৷ অৱশেষত নিৰ্বাপিত হোৱাৰ দিশত বাঘজানৰ জুই৷ কানাডাৰ পৰা অহা স্নাবিং ইউনিটৰ ১০ দিনীয়া নেৰানেপেৰা প্ৰচেষ্ঠাৰ অন্তত আজি নিয়ন্ত্ৰনলৈ আহিল অভিশপ্ত জুইকুৰা৷ তিনিচুকীয়াৰ বাঘজান স্থিত অইলৰ বি জি আৰ ৫ নং তেল খাদত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপিত কৰিবৰ বাবে অইল ইণ্ডিয়া লিনিটেডে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্ঠা অব্যাহত ৰাখিছিল৷ অইল আৰু অ এন জি চিৰ অভিযন্তা আৰু বিশেষজ্ঞৰ উপৰিও বিদেশৰ পৰা অভিযন্তাৰ দলেও এই জুইকুৰা নিৰ্বাপিত কৰাত বিফল হৈছিল৷ অৱশেষত অইল ইণ্ডিয়া লিমিটেডে অষ্ট্ৰেলিয়াৰ কানাডাৰ কালগাৰিৰৰ পৰা বাঘজানৰ জুই নুমুৱাৰ বাবে আমন্ত্ৰন জনাইছিল বিশেষ স্নাবিং ইউনিটক৷ বিশাল যন্ত্ৰ পাতিৰে সুদুৰ অষ্ট্ৰেলিয়াৰ পৰা অহা স্নাবিং ইউনিটৰ ৮ জনীয়া বিশেষজ্ঞ দলটোৱে যোৱা ৫ নৱেম্বৰৰ পৰা বাঘজানৰ উক্ত তেলখাদত আৰম্ভ কৰিছিল স্নাবিং অপাৰেশ্বন৷ নেৰানেপেৰা ১০ দিনীয়া প্ৰচেষ্ঠাৰ অন্তত আজি এই অভিশপ্ত জুইকুৰা প্ৰায় নিৰ্বাপিত কৰিবলৈ সক্ষ্যম হৈছে বিদেশী বিশেষজ্ঞৰ দলটোৱে৷ মন কৰিবলগীয়া যে, চলিত বৰ্ষৰ ২৭ মেত বাঘজান স্থিত অইল ইণ্ডিয়াৰ বি জি আৰ ৫ নং তেল খাদটোত কাম চলি থকাৰ সময়তে পাইপলাইনত প্ৰচণ্ড বিষ্ফোৰন সংঘটিত হৈছিল৷ ইয়াৰ পিছতে  ১৪ টাকৈ দিন অনিয়ন্ত্ৰিতভাবে দিনে নিশাই গেছ নিৰ্গত হৈ থকাৰ পিছত ৯ জুনত খাদটোত প্ৰচণ্ড অগ্নিকাণ্ড সংঘটিত হৈছিল৷ এই অগ্নিকাণ্ডত অঞ্চলটোৰ প্ৰায় শতাধিক বাসগৃহ, পশুধন, কৃষিভূমি জ্বলি চাৰখাৰ হৈছিল৷ তাৰোপৰি প্ৰচণ্ড শব্দৰে দিনে নিশাই নিৰ্গত হৈ থকা গেছে সমগ্ৰ অঞ্চলটোৰ আকাশ চানি ধৰিছিল৷ প্ৰানৰ মমতাত ঘৰ দুৱাৰ গৰু ছাগলী এৰি পলায়ন কৰিবলগা হৈছিল স্থানীয় ৰাইজ৷ বাঘজানত সংঘটিত এই এই ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালগা হৈছিল অইলৰ দুজন অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াৰ লগতে আন এজন অভিযন্তা৷ ইয়াৰ ওপৰিও অঞ্চলটোৰ সকলোবোৰ পশুধনৰ মৃত্যু ঘটিছিল৷ বাঘজানৰ কাষতে থকা মাগুৰি মতাপুং বিলতো মাছ কাছৰ মৃত্যু ঘটিছিল৷ দুষ্পাৰ্প্য শিহুও মৃত্যু ঘটিছিল৷ আৱশ্যে অইল ইণ্ডিয়াৰ তৰফৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে যথোপযুক্ত প্ৰচেষ্ঠা হাতত লোৱা হৈছিল৷ অৱশেষত যেনিবা সকলো ঘাট প্ৰতিঘাটৰ অন্ত পৰিল৷ কানাডাৰ কালগাড়ীৰ পৰা অনা বিশেষ স্নাবিং ইউনিটৰ জৰিয়তে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷ অইলৰ মতে জলন্ত খাদটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই ৷ ৱেল কিলিং অপাৰেশ্বন চলি আছে আৰু সঠিক দিশে আগবাঢ়িছে যদিও জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই৷ পুনৰ কোনো ধৰণৰ অঘটন সংঘটিত নহলে দুই  এদিনতে  কিলিং প্ৰক্ৰিয়া সম্পন্ন হব বুলি বিশেষজ্ঞ সকলে মতপোষন কৰিছে৷ ( সীমান্ত চেতিয়া, মাৰ্ঘেৰিটা )

No comments