বোম্বে, ৯ নৱেম্বৰ : মুম্বাই আৰক্ষীয়ে শেহতীয়াকৈ ইেণ্টৰিয়ৰ ডিজাইনাৰ এজনৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ প্ৰমুখ অৰ্ণৱ গোস্বামী...
বোম্বে, ৯ নৱেম্বৰ : মুম্বাই আৰক্ষীয়ে শেহতীয়াকৈ ইেণ্টৰিয়ৰ ডিজাইনাৰ এজনৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ প্ৰমুখ অৰ্ণৱ গোস্বামীয়ে জামিন নাপালে বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা। বোম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ চূড়ান্ত ৰায় সুৰক্ষিত ৰাখিছিল আৰু আজি বোম্বে উচ্চ ন্যায়ালয়ে সাংবাদিকগৰাকীক জামিন দিয়াৰ পৰা বিৰত থাকে। বোম্বে উচ্চ ন্যায়ালয়ে সাংবাদিকগৰাকীৰ জামিন আবেদন নাকচ কৰাৰ লগতে ন্যায়ালয়ে আজি ৰায়দানত এইবুলি কয় যে অৰ্ণৱ গোস্বামীয়ে যদি বিচাৰে জামিনৰ বাবে সত্ৰ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।
বোম্বে উচ্চ ন্যায়ালয়ে ৰায়ত এইবুলিও কয় যে সত্ৰ ন্যায়ালয়ে তেওঁৰ জামিন আবেদনৰ শুনানি গ্ৰহণ চাৰিদিনৰ ভিতৰত সম্পূৰ্ণ কৰি ৰায় দিবলৈ নিৰ্দেশ দিছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱীসে এক টুইটৰ জৰিয়তে উল্লেখ কৰিছে যে অৰ্ণৱ গোস্বামীৰ সৈতে আৰক্ষীৰ জিম্মাত হোৱা ব্যৱহাৰৰ বিষয়টোত বোম্বে উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব লাগে।
No comments