Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নসত্ৰত ১৪.১৭ কোটি টকাৰ ব্যয়ৰে প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰীৰঃ অসম চৰকাৰৰ দায়বদ্ধ পদক্ষেপৰ বাবে ৰাজ্যবাসীৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা বৃদ্ধি হৈছে ঃ সোণোৱাল

  গুৱাহাটী, ৩ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে দায়বদ্ধ আৰু দায়িত্ব সহকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত...

 

গুৱাহাটী, ৩ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে দায়বদ্ধ আৰু দায়িত্ব সহকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ৰাজ্যবাসীৰ মাজত এই সম্পৰ্কে সজাগতা বৃদ্ধি হৈছে। আজি বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰত প্ৰায় ১৪.১৭ কোটি টকা ব্যয়ৰে অসম চৰকাৰে ৰূপায়ণ কৰা তথা ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত বৈঠকত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে কয়। উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ২০২০-২১ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত ৫.৩৪ কোটি টকা ব্যয় সাপেক্ষে আল্পাজান নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি ইয়াৰ দাতিকাঁষৰীয়া অঞ্চলসমূহক খহনীয়াৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে হাতত লোৱা এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। 

এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যখনতে জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া বান আৰু গৰাখহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কামৰো শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী সোণোৱালে নসত্ৰত ৭.১৮ কোটি টকা ব্যয় সাপেক্ষে আৱাসিক গৃহসহ এখন ৫০খন বিছনাযুক্ত আদৰ্শ চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰে। তদুপৰি মুখ্যমন্ত্ৰী সোণোৱালে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ১.৬৫ কোটি টকা ব্যয়ৰে নসত্ৰত নিৰ্মাণ কৰা ‘মধুমংগল’ নামৰ দক্ষতা বিকাশ কেন্দ্ৰটোও উদ্বোধন কৰে। মুখ্যমন্ত্ৰী সোণোৱালে সভাত ভাষণ প্ৰদান কৰি কয় যে ২০১৬ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত, প্ৰদূষণমুক্ত আৰু বিদেশীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰে বিগত চাৰে চাৰি বছৰে হাতত লোৱা বিভিন্ন পদক্ষেপসমূহ সফলতাৰে ৰূপায়ণ কৰিছে। 

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত কৰ্মসংস্কৃতি গঢ়ি তোলাৰ লগতে সময় সাপেক্ষভাৱে চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে চৰকাৰী আঁচনিসমূহ যাতে সঠিকভাৱে ৰূপায়িত হয় তথা জনসাধাৰণে নিজৰ স্বাভিমান জীয়াই ৰখাৰ লগতে প্ৰাপ্য অধিকাৰ ভোগ কৰিব পাৰে তাৰ বাবে চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে যুঁজ দিছে। চৰকাৰে এছ আই কেলেংকাৰীকে ধৰি আন দুৰ্নীতিৰ ঘটনাসমূহৰ বিৰুদ্ধে দায়বদ্ধ আৰু দায়িত্বসহকাৰে অনুসন্ধান চলাইছে আৰু এই দিশত বহু সফলতা লাভ কৰিছে। চৰকাৰৰ লক্ষ্য হৈছে চৰকাৰী আঁচনিসমূহৰ সুবিধা যাতে জনসাধাৰণে লাভ কৰিব পাৰে  আৰু যোগ্যতাৰ ভিত্তিত যুৱক-যুৱতীসকলে সুবিধা লাভ কৰে সেয়া সুনিশ্চিত কৰা।

 বিদেশীমুক্ত অসম গঢ়াৰ বাবে ভাৰত-বাংলা সীমান্ত ছীল কৰাকে ধৰি ভাৰত-বাংলা ভূমি বিবাদ নিষ্পত্তিৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ আৰু ইজৰাইলী প্ৰযুক্তিৰে সীমান্তৰ নদীপথত কাৰিকৰী  পদ্ধতি ব্যৱহাৰ কৰি সীমান্ত ছীল কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে বৰ্তমানৰ চৰকাৰখনে দায়বদ্ধতাৰে পদক্ষেপ লৈছে। জাতিৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ হ’লে মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ বাবে পদক্ষেপ লৈ অসম চৰকাৰে ৰাজ্যৰ ১.১০ লাখ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিছে।

 সেইদৰে ৰাজ্যৰ কৃষ্টি-সংস্কৃতিৰ  সুৰক্ষাৰ বাবে ‘অসম দৰ্শন’ আঁচনিৰ অধীনত ৮ হাজাৰ নামঘৰ আৰু সত্ৰক আৰ্থিক সাহায্য প্ৰদান কৰা আৰু ভাষা-সাহিত্য সুৰক্ষাৰ বাবে ‘ভাষা গৌৰৱ আঁচনি’ৰ অধীনত অসম সাহিত্য সভাকে ধৰি জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ বাবে ক’ৰ্পাছ ফাণ্ড গঠনৰ দৰে পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে জাতি ৰক্ষাৰ কাৰণে আত্মনিয়োগ কৰি আহিছে আৰু জাতীয় স্বাৰ্থত যৌথ সহযোগিতাৰ কাম কৰি যাবলৈ ৰাজ্যবাসীক তেওঁ  আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত গভীৰভাৱে মনোনিৱেশ কৰি ৰাজ্যখনক আগুৱাই নিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

 তদুপৰি নসত্ৰত আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত গুণগত মান যাতে উন্নত হয় সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজক বিশেষ গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে ধুবুৰীত গৰুৰ চোৰাং বেহাত জড়িত দুষ্টচক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত প্ৰাণাহুতি দিয়া অসম চৰকাৰৰ বীৰ জোৱান ৰবেন দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বীৰ শ্বহীদগৰাকীৰ নিৰ্ভীকতা আৰু সাহসিকতাই দেশ আৰু জাতিৰ হকে কাম কৰাৰ জ্বলন্ত নিদৰ্শন প্ৰতিষ্ঠা কৰি ৰাজ্যবাসীক অনুপ্ৰাণিত কৰিছে। এই সভাত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকায়ো ভাষণ প্ৰদান কৰে। 

বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা এই সভাত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোৱেল, অসম দক্ষতা উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ড০ এছ লক্ষ্মণন, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তৰুণ চন্দ্ৰ বৰা, অসম চৰকাৰৰ নিগম-নিকায়ৰ কেইবাগৰাকীও উপাধ্যক্ষ আৰু সঞ্চালককে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। এই সভাৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে আজি সৰ্থেবাৰীৰ কাঁহ-পিতল শিল্পৰ সৈতে জড়িত কেইবাগৰাকীও শিল্পীৰ সৈতে মত বিনিময় কৰাৰ লগতে কাঁহ-পিতলৰ সামগ্ৰী নিৰ্মাণ প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ বুজ লয়।

মুখ্যমন্ত্ৰী সোণোৱালে অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ ৰুলিং মিল পৰিদৰ্শন কৰে। উল্লেখ্য যে ইতিমধ্যে অসম চৰকাৰে সৰ্থেবাৰীৰ কাঁহ-পিতলৰ উদ্যোগৰ উৎকৰ্ষ সাধনৰ বাবে অসম সমবায় কঁহাৰ সংঘ লিমিটেডক ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। এই উদ্যোগটো জীয়াই ৰখাৰ বাবে চৰকাৰ আৰু জনসাধাৰণে যৌথ প্ৰচেষ্টা গ্ৰহণ কৰাৰ ওপৰত মুখ্যমন্ত্ৰী সোণোৱালে গুৰুত্ব আৰোপ কৰে। 

No comments