Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শক্তিশালী বিজেপিক অকলে প্ৰতিহত কৰিব নোৱাৰিঃ সংবাদমেলত সাংসদ অজিত ভূঞাৰ মন্তব্য

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ নৱেম্বৰ ঃ বিজেপিক প্ৰতিহত কৰাৰ বাবে অসমতো সকলো শক্তি একগোট হোৱাত আহবান জনাইছে ৰাজ্যসভাৰ সাংসদ তথা গণ মৰ্চাৰ মু...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ নৱেম্বৰ ঃ বিজেপিক প্ৰতিহত কৰাৰ বাবে অসমতো সকলো শক্তি একগোট হোৱাত আহবান জনাইছে ৰাজ্যসভাৰ সাংসদ তথা গণ মৰ্চাৰ মুখ্য আহবায়ক অজিত ভূঞাই। ৰাজ্যত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী আৰু ই শক্তিশালী বিজেপি অকল এটা দলে প্ৰতিহত কৰিব নোৱাৰিব বুলি উল্লেখ কৰি আজি সংবাদমেলত অজিত ভূঞাই কয় যে বিহাৰৰ নিৰ্বাচনৰ পৰা অসমৰ বিৰোধী শক্তিয়ে শিক্ষা ল’ব লাগে। নীতীশ কুমাৰ মুখ্যমন্ত্ৰী হ’লেও নায়ক হৈ ৰ’ল তেজস্বী যাদৱ। সকলো বিৰোধী শক্তি একগোট হ’লেহে অসমত বিজেপিক উৎখাত কৰিব পৰা যাব। অসমত সম্প্ৰতি বিজেপিক অকলে প্ৰতিহত কৰাটো অসম্ভৱ। আনহাতে বিজেপিক প্ৰতিহত কৰিবলৈ অসমতো মহাজোঁট বন্ধন গঠনৰ কথা কৈ থকা হৈছে যদিও কংগ্ৰেছে তেনে কোনো বিশেষ ব্যৱস্থা লোৱা নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অজিত কুমাৰ ভূঞাই। 

আজি আয়োজিত এক সংবাদমেলত অজিত ভূঞাই কয় যে সম্প্ৰতি বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাজ্যত বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে মহাজোঁট বন্ধৰ ক্ষেত্ৰত আগবাঢ়িব লাগিছিল। কিন্তু কংগ্ৰেছৰ বৰ্তমানৰ ভূমিকাই সকলোকে হতাশ কৰিছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি অজিত ভূঞাই কয় যে মহাজোঁটৰ বাবে বাঁওপন্থী দলসমূহৰ লগতে এআইইউডিএফো আগবাঢ়ি আহিছিল। কিন্তু কংগ্ৰেছে সঁহাৰি দিয়া নাই। এনে পৰিস্থিতিত বিৰোধী ভাগ ভাগ হৈ থাকিলে বিজেপিক প্ৰতিহত কৰিবলৈ ব্যৰ্থ হ’ব বুলি উল্লেখ কৰি শীঘ্ৰে সকলো ৰাজনৈতিক শক্তিক একলগ হোৱাৰ আহবান জনাই অজিত ভূঞাই কয় যে ঐক্যবদ্ধ হ’লে ভোটৰ বিভাজন নহ’ব আৰু তেতিয়াহে বিজেপিক প্ৰতিহত কৰিব পৰা যাব। আনহাতে সংবাদমেলত মনজিত মহন্তই কয় যে অগপৰ ভিতৰচ’ৰাত ক্ষমতাক লৈ চলিছে অৰিয়াঅৰি। আঞ্চলিক দলটোৰ ভিতৰচ’ৰাত লেং মৰা-মৰি আৰম্ভ হৈছে।

বিজেপিৰ হৈ ৰাজনীতি আৰম্ভ কৰিছে বুলি গুৰুতৰ অভিযোগ তুলি মনজিত মহন্তই কয়- অগপই বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে। বিজেপিৰ নেগুৰত পৰিণত হৈছে অগপ। তেওঁলোকে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাই পেলাইছে। ক্ষমতা আৰু ধনৰ বাবে অসম বিক্ৰী কৰিবলৈ আপোচ কৰা নাই। দুখৰ বিষয় যে অসমৰ মানুহে দীঘলীয়া আন্দোলনৰ পিছত দলটো গঠন কৰিছিল। দলটোত ৰাইজৰ ব্যাপক সঁহাৰি আছিল। সেই দলটোৱে ক্ষমতাৰ খঁকত বিজেপিৰ দৰে সাম্প্ৰদায়িক দলৰ লগত হাত মিলাইছে। বিজেপিৰ ওচৰত সকলো উজাৰি দিছে। আঞ্চলিকতাবাদী ঘাটি তথা প্ৰভাৱ থকা সমষ্টিসমূহ বিজেপিৰ হাতত তুলি দিছে। এইধৰণৰ ৰাজনীতি কেতিয়াও আঞ্চলিক ৰাজনীতি নহয় বুলি প্ৰকাশ কৰে মনজিত মহন্তই।

No comments