Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট জিলা প্ৰশাসনৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস "উদযাপন

গণবাৰ্তা বিশেষ,যোৰহাট, ১৬ নৱেম্বৰ : সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি যোৰহাট জিলাটো কভিড মহামাৰীৰ ভয়াবহতাৰ মাজত পালন কৰা হয় " ৰাষ্ট্ৰীয় প্ৰেছ দিৱ...



গণবাৰ্তা বিশেষ,যোৰহাট, ১৬ নৱেম্বৰ : সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি যোৰহাট জিলাটো কভিড মহামাৰীৰ ভয়াবহতাৰ মাজত পালন কৰা হয় " ৰাষ্ট্ৰীয় প্ৰেছ দিৱস " । আজি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সহযোগত যোৰহাট জিলা আৱৰ্ত ভৱন সভাগৃহত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি " সংবাদ মাধ্যমৰ ওপৰত কভিড ১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা " শীৰ্ষক বিষয়ত আলোচনা কৰা হয়।  যোৰহাট জিলা উপায়ুক্ত ৰোচনি অপৰঞ্জী কৰাতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উপস্থিত থাকি জেষ্ঠ সাংবাদিক তথা যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি শাংকৱ ,কৌশিক বৰুৱাই কয় যে , কভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ সকলো ক্ষেত্ৰকে প্ৰভাৱান্বিত কৰি গল। এই প্ৰভাৱৰ পৰা বাদ পৰি নগল সংবাদ ক্ষেত্ৰ খনো। আজিৰ এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোৰ পৰাই এই মহামাৰীৰ দিনত সক্ৰিয় হৈ পূৰ্বৰ জীৱনলৈ আগবাঢ়ি যাব লাগিব। সমগ্ৰ বিশ্বত মহামাৰীৰ যি প্ৰভাৱ পৰিল ইয়াৰ ফলত বিশ্বত প্ৰায় ১৩ লাখ আৰু ভাৰতত প্ৰায় ১ লাখ ৩০ হাজাৰ লোকে প্ৰাণ হেৰুৱালে। । এই  মহামাৰীৰ ফলত অৰ্থব্যৱস্থা ভাগি পৰিল। কিন্তু অৰ্থনৈতিক ভাৱে ক্ষতিগ্ৰস্ত হোৱা ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হল সংবাদ মাধ্যম। এখন কাকতৰ অৰ্থব্যৱস্থা নিৰ্ভৰ কৰে বিজ্ঞাপন, কাকতৰ প্ৰচলন ওপৰত। কিন্তু এই মহামাৰীৰৰ ফলত অৰ্থব্যৱস্থা স্থবিৰ হৈ পৰাত বিজ্ঞাপন কমি আহিল, লগতে লক ডাউনৰ বাবে কাকত বিতৰণৰ ক্ষেত্ৰতো অসুবিধা আহি পৰিল। বিশ্বত কাকতৰ ওপৰত বৰ্তমান এক আক্ৰমণ চলিছে আৰু ইয়াৰ সমান্ত ভাবে কভিড ১৯ মহামাৰীযে ইয়াৰ ৰাজহাড়ত মোক্ষম আঘাত হানিছে। বন্ধ হৈ পৰিছে বহু বিখ্যাত কাকত আলোচনীৰ। আনহাতে ৰাজনৈতিক প্ৰভাৱেও কাকতৰ ওপৰত প্ৰভাৱ পেলাইছে। আমি অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিব পাৰিম কিন্তু ৰাজনৈতিক সংকটৰ  প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সমস্যাৰ সৃষ্টি হব। বিশ্বত বৰ্তমান সংবাদ মাধ্যমৰ গতি সলনি হৈছে। সংবাদ মাধ্যম ডিজিটেল মাধ্যমলৈ গতি কৰিছে। আৰু কৰোণাই এই গতিক খৰতকীয়া কৰি দিলে। আনহাতে কভিডে আমাক কিছু সুযোগো দিলে। কভিডে দিলে সাংবাদিকক এক নতুন অভিজ্ঞতা। এই মহামাৰীৰ সময়ত সাংবাদিক সকলে মানৱতাৰ হৈ কাম কৰাৰ বিৰল সুযোগ লাভ কৰিলে। বৰ্তমান কভিড কমি আহিছে আৰু আমি পুনৰ এবাৰ উজলি উঠাৰ সময় আহি পৰিছে। অনুষ্ঠানত উপস্থিত থাকি জিলা প্ৰশাসন ৰহৈ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে কয় যে, শেহতীয়া কৈ কভিড মহামাৰীৰ যি ভয়াবহতা ই আমাক চুই থৈ গল, সেই সময়ত ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে সংবাদ মাধ্যমে। এই সময়ছোৱাত দেশ তথা ৰাজ্যৰ সাংবাদিক সকলে বহু ত্যাগ স্বীকাৰ কৰি বাতৰি পৰিৱেশন কৰি জনমত সৃষ্টিত যথেষ্ট অৰিহনা আগবঢ়ালে। বিশেষকৈ গ্ৰাম্যাঞ্চলত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছিল সংবাদমাধ্যমৰ। আনহাতে পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন সমূহক যথেষ্ট সহায় আগবঢ়ালে সাংবাদিক তথা সংবাদমাধ্যমে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস সন্দৰ্ভত মন্তব্য আগবঢ়াই যোৰহাট প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ বৰাই বৰ্তমান সময়ত সাংবাদিকৰ স্বাধীনতা তথা সাংবাদিক সকলে সন্মূখীন হোৱা বিভিন্ন ঘটনাৰাজিত ক্ষোভ প্ৰকাশ কৰে| আজি দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি জেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, নিৰঞ্জন মহন্ত, অঞ্জন বৰা, পি, কে, সিং , উৎপল বৰাৰ প্ৰমুখ্যে বিশিষ্ট সাংবাদিক সকলৰ উপৰিও যোৰহাট জিলাৰ টিয়ক, মৰিয়নি, তিতাবৰ, পশ্চিম যোৰহাট ,দক্ষিণ যোৰহাট প্ৰেছ ক্লাৱৰ বিষয়ববীয়াসকল উপস্থিত হৈ আলোচ্য বিষয়ৰ ওপৰত  নিজৰ মত ব্যক্ত কৰে। কাৰ্য্যসুচী সঞ্চালনা কৰি জিলা উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে সংবাদ মাধ্যমৰ বাবে তথ্যৰ প্ৰয়োজনীয়তা সম্পৰ্কত আলোকপাত কৰি শুদ্ধ বাতৰি পৰিৱেশনত গুৰুত্ব প্ৰদান কৰি জনমত গঠন কৰিব লাগে বুলি মন্তব্য কৰে| আনহাতে সভাত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে আলোচ্য বিষয়ত ভাষন প্ৰদান কৰি কভিডৰ কালচোৱাত সাংবাদিক সকলে স্বীকাৰ কৰা ত্যাগ আৰু জিলা প্ৰশাসনক কৰা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে|  জিলা জনসংযোগ বিষয়া শাৰদী গগৈয়ে উদ্দেশ্য ব্যখ্যা কৰা আজি দিৱসৰ কাৰ্যসূচীত যোৰহাট প্ৰেছ ক্লাৱৰ কেইবাগৰাকীও সাংবাদিকে কবিতা আবৃত্তি কৰে। কাৰ্য্যসুচীৰ আৰম্ভনিতে জিলা উপায়ুক্তই বন্তি প্ৰজ্বলন কৰা পিছতে পংকজ বৰুৱাই মংগলাচৰন পৰিৱেশন কৰে| কাৰ্য্যসুচীৰ আৰম্ভনিতে বিগত বৰ্ষটোত দেহাৱসান ঘটা সাংবাদিক সকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই |

No comments