Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজনীতিৰ জ্ঞানী শিŽক্ষক তৰুণ গগৈঃ ৰাহুল গান্ধীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে। এক টুইটযোগ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে। এক টুইটযোগে কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে কয় যে তৰুণ গগৈ এজন প্ৰকৃত কংগ্ৰেছ নেতা আছিল। অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু ৰাইজক একগোট কৰাৰ বাবে তেওঁ নিজৰ জীৱন উছৰ্গা কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সান্নিধ্যৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ বাবে তৰুণ গগৈ আছিল এজন মহান আৰু জ্ঞানী শিক্ষক। তেওঁৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰত বিভিন্ন কথা শিকিছিল বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে জ্ঞান আৰু মহানতাৰ এই ব্যক্তিগৰাকীক তেওঁ সদায়েই ভাল পাইছিল আৰু গভীৰভাৱে সন্মান জনাইছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ সদায়েই তৰুণ গগৈৰ অভাৱ অনুভৱ কৰিব। টুইটাৰত গৌৰৱ গগৈৰ কথা উল্লেখ কৰি পিতৃৰ বিয়োগত শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে।

No comments