Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তৰুণ গগৈ: ৰঙাজানৰ পৰা দিশপুৰলৈ

শুভাশীষ শৰ্মা, যোৰহাট, ২৩ নৱেম্বৰ : অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ দেৱ সুস্থ হৈ উঠ...


শুভাশীষ শৰ্মা, যোৰহাট, ২৩ নৱেম্বৰ : অসমৰ ৰাজনীতিৰ পুৰুধা ব্যক্তি তথা নতুন অসমৰ স্ৰষ্টা ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ দেৱ সুস্থ হৈ উঠিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে পূজা অৰ্চনা নাম সবাহ| দল সংগঠন নিৰ্বিবেশে প্ৰতিজন ৰাজ্যবাসীয়ে নেদেখা জনৰ ওচৰত ককুতি কৰিছে ক্ৰমাগত ভাৱে তিনিবাৰকৈ মূখ্যমন্ত্ৰী হৈ ৰাজ্যখনক এক নতুন দিগন্তৰ দিশত লৈ যোৱা প্ৰাক্তন মূখ্যমন্ত্ৰী জনৰ আশুআৰোগ্যৰ বাবে| বিভিন্ন জন ব্যক্তি অনুস্থান আজি শোকত কাতৰ| অতি মৰমৰ নেতা জনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিয়ে বাকৰুদ্ধ কৰি তুলিছে| একেই পৰিবেশ বিৰাজ কৰিছে প্ৰাক্তন মূখ্যমন্ত্ৰী জনে আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ গ্ৰহন কৰা ২৬ নং ৰঙাজান প্ৰাথমিক বিদ্যালয়ত| এই বিদ্যালয় খনৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ চকুত চকুপানী| বিদ্যালয় খনৰ লগত প্ৰাক্তন মূখ্যমন্ত্ৰী জনৰ আছে নিবিড় সম্পৰ্ক| ১৯৪৪ চনতে শিক্ষা গ্ৰহন কৰা বিদ্যালয় খনত আজিও তৰুন গগৈৰ নাম থকা নামভৰ্ত্তিৰ বহী খন অতি সজতনে ৰখা হৈছে| বহী খনত ১৮৫ নম্বৰত থকা তৰুন কুমাৰ গগৈৰ নামটো সাংবাদিকক দেখুৱাই উচুপি উঠিল শিক্ষক শিক্ষয়িত্ৰী সকল| যদিও গগৈ ডাঙৰীয়াক শিক্ষা দান কৰা শিক্ষক শিক্ষয়িত্ৰী আজি বিদ্যালয় খনত নাই তথাপিও বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী সকলে এই নামটো লৈ সদায়ে গৌৰৱ অনুভৱ কৰি আহিছে| সেয়ে তৰুন কুমাৰ গগৈৰ নাম থকা বহী খন বুকুত সাৱটি উচুপি উঠিল শিক্ষক শিক্ষয়িত্ৰী সকল| ১৯৩৬ চনৰ ১১ অক্টোবৰত তিতাবৰ ৰঙামাটিৰ ৰঙাজান চাহ বাগিছাত জন্ম গ্ৰহন কৰা তৰুন গগৈক অঞ্চলবাসীয়ে জানে "পোনাকন" বুলিয়েই| ৰঙাজানৰ পৰা দিল্লী আৰু তাৰ পিছতে দিশপুৰলৈ এক বৰ্ণিল যাত্ৰাৰ সাক্ষী যোৰহাটবাসী| ৰঙাজান প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পিতৃৰ চাকৰি সুত্ৰে যোৰহাটলৈ বদলী হোৱাৰ বাবে তৰুন গগৈ যোৰহাট টাউন মাদ্ৰাচা এম ই স্কুলত নামভৰ্ত্তি কৰে| পুনৰ একেই কাৰণতে গোলাঘাটৰ বাদুলীপাৰাৰ সমীপৰ ভোলাগুৰি প্ৰাথমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত নাম ভৰ্ত্তি কৰে আৰু ইয়াৰ পৰাই সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উৰ্ত্তীন্ন হয়| ইয়াৰ পিছতেই যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহন কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এল এল বি ডিগ্ৰী লাভ কৰে| যোৰহাট বাৰ লাইব্ৰেৰীত এজন অধিবক্তা হিচাপে নিজৰ কৰ্মময় জীৱন আৰম্ভ কৰা প্ৰাক্তন মূখ্যমন্ত্ৰী জনৰ স্মৃতি বিজড়িত আটাইকেইটা শিক্ষানুস্থানত আজি দেখা পোৱা গ'ল এক শোকাকুল পৰিবেশৰ| সকলোৱে মাথো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে মৰমৰ নেতাজন সুস্থ হৈ উঠিবৰ বাবে| পেচাত অধিবক্তা হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰিলেও ৰাজনীতিৰ প্ৰতি থকা ধাউতিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি পোন প্ৰথম বাৰৰ বাবে ১৯৬৮ চনত যোৰহাট পৌৰ সভাৰ বাবে পৌৰসদস্য হিচাপে নিৰ্বাচিত হয়| ৰাজনৈতিক দক্ষতাৰ বাবে ১৯৭১ চনত প্ৰথমবাৰৰ বাবে লোকসভালৈ সাংসদ হিচাপে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়| ৬ টা কাৰ্য্যকালৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক পৰিক্ৰমাত যোৰহাট আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল| ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাট লোকসভা সমষ্টি আৰু ১৯৯১ ৰ পৰা ২০০১ চনলৈকে কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল তৰুন গগৈ দেৱে| ১৯৭২ চনত ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা তৰুন গগৈ দেৱে ২০০১ চনৰ ১৮ মে' ত প্ৰথম বাৰৰ বাবে ৰাজ্যৰ মূখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু ক্ৰমাগত ভাৱে ২০১৬ চনলৈকে ৰাজ্যৰ মূখ্যমন্ত্ৰী হৈ থাকি ইতিহাস ৰচিবলৈ সক্ষম হয়| যোৰহাটৰ প্ৰতিজন ব্যক্তিৰ বাবে অতি মৰমৰ তৰুন গগৈ ডাঙৰীয়াৰ স্বাস্থ্য প্ৰতি মুহুৰ্ততে অৱনমিত হৈ পৰা সময়ত এতিয়া প্ৰতিজনৰে চকু সেমেকি উঠাৰ লগতে কেৱল ভগৱানৰ চৰনত প্ৰাৰ্থনা জনাইছে| নাজিৰনীবাৰীস্থিত গগৈ দেৱৰ নিজা বাসগৃহতো বন্তি প্ৰজ্বলন কৰি নেদেখা জনৰ চৰনত প্ৰাৰ্থনা জনাইছে ঘৰটোলৈ পুনৰ সুস্থ হৈ উভটি আহক তৰুন গগৈ ডাঙৰীয়া|

No comments