Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰূপজ্যোতি চিধা মানুহ, বিজেপিৰ মতে কথা কৈছে দুই বিধায়কে : জিতেন্দ্ৰ সিং

যোৰহাটত কংগ্ৰেছৰ নিৰ্বাচনী ৰনশিঙা গণবাৰ্তা বিশেষ, যোৰহাট , ২ নৱেম্বৰ :  ৰাজ্যজুৰি তোলপাৰ লগোৱা কংগ্ৰেছৰ দুই বিধায়কৰ মিঞা মিউজিয়াম আৰু বঙালী ...

যোৰহাটত কংগ্ৰেছৰ নিৰ্বাচনী ৰনশিঙা


গণবাৰ্তা বিশেষ, যোৰহাট , ২ নৱেম্বৰ :  ৰাজ্যজুৰি তোলপাৰ লগোৱা কংগ্ৰেছৰ দুই বিধায়কৰ মিঞা মিউজিয়াম আৰু বঙালী মিউজিয়ামৰ বিষয় বিজেপি দলৰ কথা মতে দুই বিধায়কে কোৱা বুলি এক নতুন মোৰ লৈছে| যোৰহাটত এক সভাত অংশ গ্ৰহন কৰি দুই বিধায়কৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিতেন্দ্ৰ সিঙে দোষ ঠেলিলে বিজেপিৰ ওপৰত| তেওঁ কয় যে দুই বিধায়ক শ্বেৰমান আলি আৰু কমলাক্ষ দেৱ পুৰকায়স্থই বিজেপি দলে বিছৰা মতে কথা কৈছে| তেওঁ লগতে কয় যে  দুই বিধায়কৰ ওপৰত দলীয় ব্যৱস্থা লোৱা  হব। বি জে পি য়ে এনে কথা কোৱাইছে বিধায়কদ্বয়ৰ মুখত। বৰ্তমান  অসমৰ মুখ্যমন্ত্ৰী কোন সেয়া বুজিবলৈ টান বুলি মন্তব্য কৰি সিঙে কয়  ৰাজ্যৰ মূখ্যমন্ত্ৰী সোণোৱাল নে হিমন্ত সেয়া ৰাইজেও বুজি পোৱা নাই| ইফালে ৰিপুন বৰা আৰু ৰকিবুলৰ সম্পৰ্কত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্য সম্পৰ্কত কয় যে ৰূপজ্যোতি চিধা মানুহ| তেওঁক জালত পেলাবলৈ চেষ্টা কৰা হৈছে|  সাংবাদিক ৰ আগত জিতেন্দ্ৰ সিঙে  লগতে কয় যে, বিজেপি দলৰ প্ৰতাৰণা ৰাইজে বুজি উঠিছে। এই দুদিন উজনি অসমত থাকি বুজি পাইছোঁ অসম ত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ দুখ দুৰ্দশা। এইখন চৰকাৰে খেতিয়ক সকলক প্ৰতাৰণা কৰিছে। চাহ জনগোষ্ঠীৰ লোক সকলে বহু কষ্টত দিন অতিবাহিত কৰিব লগা হৈছে, কিন্তু এইখন চৰকাৰ ৰ তাত কোনো গুৰুত্ব নাই। ৰাইজৰ সমস্যা বুজিবৰ বাবে ৰাইজৰ মাজলৈ যাব লাগিব বুলি উল্লেখ কৰি সিঙে কয় যে, আমি দেশৰ চৌ দিশ ভ্ৰমণ কৰি ৰাইজৰ পৰিস্থিতি ৰ বুজে লৈছোঁ। অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ মাজত ৰাতি কটাই তেওঁলোকৰ সমস্যা বুজি উঠিছোঁ। তেওঁলোকৰ দুখ অনুভৱ কৰিছো। এই সকলো সমস্যাৰ সমাধান কংগ্ৰেছ দলে কৰিব। এইবাৰ অসমত পুনৰ কংগ্ৰেছ দলৰ চৰকাৰ অহাটো নিশ্চিত। আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰ নাম সোনকালে ই ঘোষণা কৰা হব। আগন্তুক নিৰ্বাচন ৰ প্ৰতি লক্ষ্য ৰাখি  সকলো ৰাজনৈতিক দলে ককালত টঙালি বন্ধাৰ সমান্তৰাল ভাৱে নিজৰ হেৰোৱা অস্তিত্ব ঘূৰাই অনাৰ বাবে বিভিন্ন ৰণ কৌশল ৰচনা কৰিছে কংগ্ৰেছ দলে ৰাজ্যত। ক্ৰমান্নয়ে ৰাজ্যলৈ আগমন ঘটিব ধৰিছে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সদস্যৰ। কংগ্ৰেছ দলে উঠি পৰি লাগিছে অসমত নিজৰ ভোট বেংক স্থায়ী কৰাৰ বাবে। সেই উদ্দেশ্যে আগত লৈ কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে নিৰ্বাচন ৰ প্ৰাক মুহূৰ্তত ভ্ৰমণ কৰিছে অসমৰ ইমূৰৰ পৰা সিমূৰ। আজি এনে এক ভ্ৰমণৰ অংশ স্বৰূপেই যোৰহাট ত উপস্থিত হয় ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। সিং যোৰহাট ত উপস্থিত হৈ যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত যোৰহাট তথা উজনিৰ পাঁচ খন জিলাৰ কংগ্ৰেছ কৰ্মী সকলৰ লগত নিজৰ মত বিনিময় কৰে। আৰু ভৱিষ্যত দিনত কিদৰে কংগ্ৰেছ দলে আগবাঢ়ি যাব লাগিব সেই সন্দৰ্ভত বক্তব্য আগবঢ়াই। অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং আজি যোৰহাট ত উপস্থিত হোৱাৰ লগে লগে ঢোল, তাল, বিহু, নৃত্যৰ জৰিয়তে আদৰণি জনোৱাৰ লগতে আগবঢ়াই লৈ যোৱা হয় প্ৰেক্ষাগৃহলৈ। উল্লেখযোগ্য যে চাৰিদিনীয়া ভ্ৰমণ সুচীৰে কালি ডিব্ৰুগড়ত উপস্থিত হোৱা ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। নিশা শীত তাপ নিয়ন্ত্ৰিত বিলাসী হোটলৰ বিপৰীতে ডিব্ৰুগড় লেপেটকতাৰ এটি চাহ শ্ৰমিক পৰিয়ালৰ ঘৰত কটাই দুপৰীয়া ভাগত উপস্থিত হল টীয়ক সমষ্টিত। কলীয়াপানীস্থিত ব্লক কংগ্ৰেছ কাৰ্যালয়ত হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে ঢোলে ডগৰে বিপুল আদৰণি জনাই কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়কগৰাকীক। ইয়াৰ পিছতেই পোণে পোণে উপস্থিত হয় যোৰহাটৰ হোলোঙাপাস্থিত ঐতিহাসিক লাচিত মৈদামত। লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে পৰম্পৰাগত ভাৱে আদৰণি জনায় কংগ্ৰেছীনেতাজনক ।আৰু অংশ লয় তাই আহোম সকলৰ আইচিং লাও সমূহীয়া প্ৰাৰ্থনাত। জাতীয় বীৰ জনাৰ ত্যাগৰ কথা জানি অভিভূত হৈ পৰে আৰু বীৰজনাৰ আৰ্শীবাদ বিচাৰে । লাচিত বৰফুকনৰ বীৰত্বক উচ্চ প্ৰশংসা কৰি ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰত সাংবাদিকৰ আগত কংগ্ৰেছ দলৰ হৈ একো মন্তব্য নিদি অসম গৌৰৱ বীৰ গৰাকীৰহে প্ৰশংসা কৰে। ইফালে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে দুই বিধায়কে বিজেপিয়ে বিছৰা দৰে কথা কব নালাগে| কথা কওতে সংযত হোৱাটো প্ৰয়োজন| বিজেপি দল সম্পৰ্কত সাংসদ জনে কয় যে বিজেপি এটা বিজতৰীয়া দল আৰু বিজেপিক ৰুধিবৰ বাবে কংগ্ৰেছে এ আই ইউ দি এফৰ লগতে নহয় যিকোনো দলৰ লগত মিত্ৰতা কৰিব| মিত্ৰতাত আঞ্চলিক দলো থাকিব পাৰে বুলি কয় সাংসদ জনে| 
ইয়াৰ পূৰ্বে  ৰাজ্যিক  সভাপতি ৰিপুণ বৰা , ৰকিবুল হুছেইন, বিৰুধী দলপতি দেবব্ৰত শইকীয়া, সুশান্ত বুঢ়াগোহাঁইকে মুখ্য কৰি ৰাজ্যিক নেতা সকলৰ উপস্থিতিত তত্বাৱধায়কগৰাকীয়ে কলীয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ২১ ৰ নিৰ্বাচনত কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰে।প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি দলক তুলা ধুনা দি কয় যে বিজেপিৰ নেতাই উৰাজাহাজত আহি দলীয় সভাত অংশ লয় আৰু পঞ্চ তাৰকা হোটেলত নৈশ যাপন কৰে তাৰ বিপৰীতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাই ৰাষ্ট্ৰীয় পথেৰে আহি চহা ৰাইজৰ লগত হে থলুৱা খাদ্যৰ জুতি লৈ নিশা কটায় । অহা নিৰ্বাচনত বিজেপি যে শোচনীয় ভাবে পৰাজয় বৰণ কৰিব সি নিশ্চিত বুলি দাবী কৰিছে দলীয় নেতা সকলে|

No comments