২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত,আজি বয়লি ৪ বজাৰ পৰা ২৫ নৱেম্বৰলৈকে শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব গগৈৰ নশ্বৰ দেহ ষ্টাফ ৰিপৰ...
২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত,আজি বয়লি ৪ বজাৰ পৰা ২৫ নৱেম্বৰলৈকে শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব গগৈৰ নশ্বৰ দেহ
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ : চৌদিশে কেৱল উৎকণ্ঠা। সকলোৰে মুখত এটাই নাম— তৰুণ গগৈ। অনবৰতে মুখত এমোকোৰা হাঁহি লৈ ঘূৰি ফুৰা হাঁহিমুখীয়া তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা হেনো সংকটজনক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছিল দোৱা-প্ৰাৰ্থনা। ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত সুদীৰ্ঘকাল ধৰি দপ্দপাই ফুৰা তথা তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ কেতিয়া সুস্থ হৈ উঠিব সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। প্ৰতিমুহূৰ্তত জি এম চি এইচত অগণন গুণমুগ্ধৰ সোঁত বৈছিল। তৰুণ গগৈয়ে কোনোদিনে জীৱনত হাৰ মনা নাছিল। সকলো ঘাত-প্ৰতিঘাতক প্ৰত্যাহবান হিচাপে লৈ আগবাঢ়ি যোৱাত বিশ্বাসী আছিল গগৈ। ৰাজনৈতিক ক্ষেত্ৰখনৰ দুৰন্ত সৈনিক তৰুণ গগৈয়ে যেন নিয়তিৰ ওচৰত হাৰ মানিলে।
ৰাজ্যবাসীক শোক-সাগৰত ডুবাই থৈ এই বেয়া খবৰটো আহিল ৫.৩৪ বজাত। মৃত্যুৰ সৈতে যঁুজি থকা তৰুণ গগৈ হেনো আৰু নাই, সেই খবৰটো জি এম চি এইচৰ অধীক্ষকগৰাকীয়ে আেৱগিক হৈ সাংবাদিকৰ আগত কোৱাৰ পিছতেই ৰাজ্যবাসী শোকত ম্ৰিয়মাণ হৈ পৰে। হয়, সকলোকে কন্দুৱাই নভবাকৈ সংসাৰৰ মায়া-মোহ এৰি আজি চিৰদিনৰ বাবে গুচি গ’ল তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা ছবাৰৰ সাংসদ তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই অজস্ৰ গুণমুগ্ধৰ সোঁত বয় জি এম চি এইচলৈ। ৰাজনৈতিক নেতাৰ পৰা আদি কৰি দল-সংগঠন কিম্বা অজস্ৰ গুণমুগ্ধই জি এম চি এইচত উপস্থিত হৈ গগৈৰ এই বিদায় কালত চকুলো টুকিলে। গগৈৰ এই মৃত্যুৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো ধৰণৰ চৰকাৰী কাৰ্যসূচী বাতিল কৰি জি এম চি এইচত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
অহা ২৬ নৱেম্বৰত গুৱাহাটীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ। আজি নিশা জি এম চি এইচতেই ৰখা হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈ পুৱাৰ ভাগত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ নিয়া হ’ব গগৈৰ নশ্বৰ দেহ। কাইলৈৰ দিনৰ দিনটো কংগ্ৰেছ কৰ্মীৰ লগতে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ বাবে মুকলি থাকিব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিয়লি ৪ বজাত গগৈৰ নশ্বৰ দেহ শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ’ব। কাইলৈ বিয়লি ৪ বজাৰ পৰা ২৫ নৱেম্বৰলৈকে গোটেই দিনটো তৰুণ গগৈৰ নশ্বৰ দেহ ৰখা হ’ব কলাক্ষেত্ৰত। কলাক্ষেত্ৰৰ বাকৰিতেই সকলো ৰাইজে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। আজি পুৱাৰে পৰাই জি এম চি এইচত যাৱতীয় পৰ্যালোচনা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত ড০ হিমন্ত বিশ্ব শৰ্মাই। পত্নী-পুত্ৰ-কন্যাক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ জি এম চি এইচত উপস্থিত হৈছিল।
উল্লেখ্য যে যোৱা ২৬ আগষ্টত তৰুণ গগৈৰ শৰীৰত কোৰোনা সংক্ৰমণৰ উপস্থিতি ধৰা পৰে। ইয়াৰ পিছতেই তেওঁক কোৰোনাৰ চিকিৎসাৰ বাবে জি এম চি এইচত ভৰ্তি কৰোৱা হয়। সম্পূৰ্ণ দুমাহ জি এম চি এইচত চিকিৎসাৰ অন্তত তৰুণ গগৈক যোৱা ২৫ অক্টোবৰৰ বিয়লিৰ ভাগত সুস্থ হৈ উঠাৰ বাবে দিছপুৰৰ চৰকাৰী আৱাসলৈ নিয়া হয়। চৰকাৰী আৱাসত এটা সপ্তাহো সুস্থ হৈ নাথাকিল। ২ নৱেম্বৰত বৰ্ষীয়ান নেতাগৰাকী পুনৰ পোষ্ট-ক’ভিডত আক্ৰান্ত হয়। পিছত চিকিৎসাৰ বাবে জি এম চি এইচত ভৰ্তি কৰোৱা হয়। ২ নৱেম্বৰৰ পৰাই জি এম চি আইচত চিকিৎসাধীন হৈ থকা তৰুণ গগৈক সুস্থ কৰাৰ বাবে এইম্ছৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ পৰামৰ্শ অনুযায়ী চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল। কিন্তু যোৱা দুদিন পূৰ্বে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰে।
গগৈৰ সকলো অংগ বিকল হৈ পৰে। শ্বাস-প্ৰশ্বাসজনিত অসুস্থতাত ভোগাত গগৈক মেকানিকেল ভেণ্টিলেচনত ৰাখি চিকিৎসা প্ৰদান কৰা হয়। কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস দিয়াৰ ব্যৱস্থা কৰা হয়। আজি পুনৰ তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটে। দিনৰ ভাগত গগৈক মিউজিক থেৰাপী দিয়া হয়। লোকগীত, ভূপেন হাজৰিকাৰ সংগীত হেডফোনৰ জৰিয়তে গগৈক শুনোৱাৰ ব্যৱস্থা কৰা হয়। লগতে প্ৰিয় ৰাজনীতিবিদ ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ ভাষণো হেডফোনৰ জৰিয়তে গগৈক শুনোৱাৰ ব্যৱস্থা কৰা হয়। কিন্তু নিয়তিয়ে যেন বিপৰীত বিচাৰিলে। আজি বিয়লি ৫.৩৪ বজাত সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে তৰুণ গগৈয়ে।
মৃত্যুৰ আগমুহূৰ্তলৈকে পত্নী ডলী গগৈ, পুত্ৰ গৌৰৱ গগৈ, বোৱাৰী এলিজাবেথ, কন্যা চন্দ্ৰিমা গগৈ উপস্থিত হয়। মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীকে আদি কৰি বহু ৰাজনৈতিক নেতা, দল-সংগঠন কিম্বা অজস্ৰ গুণমুগ্ধ জি এম চি এইচত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ শোক পালন কৰা হ’ব বুজি জানিব পৰা গৈছে।
No comments