ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২০ নৱেম্বৰ : যোৰহাটত উদযাপন হৈছে ষট পূজা । হিন্দু ধৰ্মালম্বীৰ এটা সম্প্ৰদায়ৰ লোকসকলে সূৰ্য দেৱতাক আৰাধনা কৰিবলৈ...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২০ নৱেম্বৰ : যোৰহাটত উদযাপন হৈছে ষট পূজা । হিন্দু ধৰ্মালম্বীৰ এটা সম্প্ৰদায়ৰ লোকসকলে সূৰ্য দেৱতাক আৰাধনা কৰিবলৈ যোৰহাটৰ ভোগদৈ নৈৰ ঘাটত সমাগম হৈ হোৱা দেখা গৈছিল । বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি নৈৰ পানীত নামি সূৰ্য দেৱতাক আৰাধনা কৰা দেখা গৈছিল । পূজা স্থলীত ৰেড ক্ৰছৰ সদস্য সকল উপস্থিত হৈ ভক্তসকলে মাৰ্ক্স পিন্ধিছে নে নাই লক্ষ্য কৰাৰ লগতে চেনিটাইজও কৰা দেখা গৈছিল । মাটিত বাগৰি বাগৰি আহি পূজা কৰা ভক্তসকলে নৈৰ পানীত নামি সন্ধিয়ালৈকে সূৰ্য দেৱতাক আৰাধনা কৰা দেখা গৈছিল । পূজা স্থলীত শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , শান্তনু পূজাৰী, সমাজ কৰ্মী নিৰোদ চাংকাকতিৰ লগতে বহু কেইজন বিশিষ্ট লোকে ভোগদৈ নৈৰ ঘাটৰ পূজাস্থলীত উপস্থিত হোৱা দেখা গৈছিল । যোৰহাটৰ ভোগদৈ নৈৰ ঘাটত এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছিল ।
No comments