Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাগ্ৰামা মহিলাৰী কোনো হিৰো নহয়, এটা জিৰোহে ঃ শালবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰমোদ বড়ো

সঞ্জীৱ দাস, ভৱানীপুৰ, ২১ নৱেম্বৰ ঃ বিটিআৰত নিৰ্বাচনী ধুমুহা চলি থকাৰ মাজতে আজি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হয় শালবাৰী সমষ্টিৰ অন্তৰ্...

সঞ্জীৱ দাস, ভৱানীপুৰ, ২১ নৱেম্বৰ ঃ বিটিআৰত নিৰ্বাচনী ধুমুহা চলি থকাৰ মাজতে আজি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হয় শালবাৰী সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰীস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত। উল্লেখ্য যে প্ৰমোদ বড়োৱে দিনৰ ভাগত শিয়ালমাৰীস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত বহুসংখ্যক সমৰ্থকক লৈ উপস্থিত হৈ ভকতসকলৰ স’তে নাম-কীৰ্তনত অংশগ্ৰহণ কৰি প্ৰাৰ্থনা কৰাৰ লগতে আধ্যাত্মিক সমাজৰ দ্বাৰা আয়োজিত মুকলি সভাত অংশগ্ৰহণ কৰি এক ব্যতিক্ৰমী আধ্যাত্মিকতাপূৰ্ণ দীঘলীয়া ভাষণ দিয়ে। প্ৰমোদ বড়োৱে আধ্যাত্মিকতাপূৰ্ণ ভাষণ প্ৰদানৰ মাজতে পৰোক্ষভাৱে বিৰোধীকো সমালোচনা কৰিলে ধীৰ গতিৰে। প্ৰমোদ বড়োৱে তেওঁৰ ভাষণত কয়- ‘মই প্ৰভুৰ ওচৰত মূৰ দোঁৱাই, আঁঠু লৈ প্ৰাৰ্থনা কৰিছোঁ- আমাৰ সমাজখনৰ মানুহৰ সুখ-শান্তিৰ, নিৰাপদ জীৱন হওক।

 প্ৰভুৱে দায়িত্ব দিছে সমাজত শান্তি, নিৰাপত্তা, উন্নয়ন, সমন্বয় প্ৰতিষ্ঠা কৰিব লাগে। সমস্যাবোৰ দূৰ কৰিব লাগে। সমাজত ভাল কাম কৰিবলৈ ৰাজনীতি কৰিব লাগে ভালদৰে। কাৰণ ৰাজনীতিৰে সমাজখনক আগুৱাই নিব পাৰি। কিন্তু এতিয়া ৰাইজে ৰাজনীতিক বিশ্বাস নকৰা হৈছে। কাৰণ গৰিষ্ঠসংখ্যক ৰাজনৈতিক নেতাই ৰাইজক বিশ্বাসঘাতকতা কৰাৰ বাবেই ৰাজনীতি ঘৃণনীয় হ’ল। উদাহৰণ স্বৰূপে সোতৰ বছৰ ধৰি বিটিচিত আমাৰ নেতাসকলে ৰাইজে কৰা আশাৰ বিপৰীতে দহ শতাংশও কাম নকৰিলে। সেইবাবেই বিটিচি তথা বিটিআৰত সকলো জনগোষ্ঠীৰ মানুহৰ মানসিকতা সলনি হ’ল। এইবাৰৰ বিটিচি নিৰ্বাচনত ভোটাৰ ৰাইজে বিবেকেৰে ইউপিপিএলক ভোট দিব বাবেই বিটিআৰত পৰিৱৰ্তন আহিব। 

সোতৰ বছৰ ধৰি বিটিচিত শাসকগোষ্ঠীৰ নেতাৰ নৈতিক স্খলন ঘটাৰ বাবেই বিটিচিৰ উন্নয়ন নহ’ল।’ প্ৰমোদ বড়োৱে তেওঁৰ ভাষণত আৰু কয়- ‘বিটিচিত বিগত ৭-৮ বছৰ ধৰি বড়ো-অবড়োৰ সংগ্ৰাম চলিল। কিন্তু বড়ো-অবড়োৰ সংগ্ৰামৰ কোনো প্ৰয়োজন নাছিল। বড়ো-অবড়োৰ সংগ্ৰাম আছিল এক অপ্ৰয়োজনীয় সংগ্ৰাম। এই কথা বিশেষকৈ বিটিআৰ চুক্তিৰ পাছত ৰাইজে ভালদৰে অনুভৱ কৰিছে। বিটিআৰত মানৱ জাতিক আগুৱাই নিয়া আৰু মানৱ সম্পদ গঢ় দিয়াৰ বাবেই হৈছে বিটিআৰ চুক্তি। তেনেস্থলত বিপিএফ, জি এছ পি আদি দলে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰাটো এক অসামাজিক তথা সমাজধ্বংসী কাৰ্য।’ আনহাতে প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত পৃথকে কয়- ‘হাগ্ৰামা মহিলাৰীৰ বক্তব্যবোৰ দৰকাৰী নহয়। কিন্তু ইউপিপিএলৰ বাবে দৰকাৰী বিষয়টো হৈছে বিটিআৰত ৩৫ লাখ ৰাইজক হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ অপশাসনৰ পৰা উদ্ধাৰ কৰাটো। 

হাগ্ৰামা মহিলাৰীৰ কথাবোৰ নুশুনিব। কাৰণ হাগ্ৰামা মহিলাৰী কোনো ব্ৰেণ্ড নহয়, কোনো হিৰো নহয়। সোতৰ বছৰ ধৰি শাসনৰ গাদী দখল কৰি ৰাইজৰ একো উন্নয়ন কৰিব নোৱাৰা হাগ্ৰামা মহিলাৰী এটা জিৰোহে।’ ইউপিপিএলৰ প্ৰাৰ্থী বিনিদ মছাহাৰী, দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধীৰাজ ডেকায়ো ভাষণ দিয়া মুকলি সভাত দলটোৰ কেন্দ্ৰীয় নেতা-নেত্ৰী ক্ৰমে গুণ সন্দিকৈ, কনক চন্দ্ৰ বড়ো, জহুৰা খাতুন, জোনালী পাঠক, খুংখ্ৰা স্বৰ্গীয়াৰী, প্ৰদীপ সৰকাৰ, সুশীল সৰকাৰ, সত্যজিৎ বড়োকে ধৰি কেইবাগৰাকীও নেতা-নেত্ৰী উপস্থিত থাকে।

No comments